ৰাহুল গান্ধীক নিৰ্বাচিত কৰি কেৰালাই দুৰ্যোগ মাতিলেঃ ইতিহাসবিদ ৰামচন্দ্ৰ গুহ - ৰাহুল গান্ধীক নিৰ্বাচিত কৰি কেৰালাই দুৰ্যোগ মাতিলেঃ ইতিহাসবিদ ৰামচন্দ্ৰ গুহ
🎬 Watch Now: Feature Video
কেৰালাত এখন সভাত অংশগ্ৰহণ কৰি দেশৰ প্ৰসিদ্ধ ইতিহাসবিদ ৰামচন্দ্ৰ গুহে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক সমালোচনা কৰে ৷ ইতিহাসবিদগৰাকীয়ে কয় যে, সংসদলৈ ৰাহুল গান্ধীক নিৰ্বাচিত কৰি কেৰালাই দুৰ্যোগহে মাতিলে ৷ নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ ৰাজনীতি তেনেই সেমেকা ৷ স্বাধীনতা সংগ্ৰামত জড়িত থকা এটা মহান দলক এইসকল নেতাই পৰিয়ালকেন্দ্ৰিক দললৈ পৰিবৰ্তিত কৰিলে ৷ যিটো ভাৰতীয় ৰাজনীতিত এতিয়া আৰু প্ৰচলিত হ'বলৈ নাপাব ৷ কেৰালা সাহিত্য উৎসৱত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে ইতিহাসবিদগৰাকীয়ে ৷ চাৰিদিনীয়া এই সাহিত্য উৎসৱত ইতিহাসবিদ ৰামচন্দ্ৰ গুহৰ লগতে উপস্থিত থাকে, ইতিহাসবিদ উইলিয়াম ডালৰেমপ্লি, সাহিত্যিক বেন্যামিন, নমিতা গোখলে, চেতন ভগত আৰু সাংবাদিক কৰন থাপৰ আৰু ৰাজদ্বীপ চৰদেশাই ৷