thumbnail

By

Published : Jun 28, 2020, 1:07 PM IST

ETV Bharat / Videos

Covid-19 : বিশ্বৰ সামগ্ৰিক তথ্য

বিশ্বত 1 কোটি অতিক্ৰম কৰিছে কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৷ বৰ্তমান 10,087,553 গৰাকীলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৷ আনহাতে, মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ 5,01,428 গৰাকী ৷ সমগ্ৰ বিশ্বৰ ভিতৰতে আমেৰিকা যুক্তৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক ৷ আমেৰিকাত আক্ৰান্তৰ সংখ্যা 25,97,003 গৰাকী হোৱাৰ বিপৰীতে মৃত্যু হৈছে 1,28,152 গৰাকী ৷ ক'ৰণা ভাইৰাছত আক্ৰান্ত লোকৰ তালিকাৰ চতুৰ্থ স্থানত আছে ভাৰত ৷ ভাৰতত 5,28,859 গৰাকী লোক ক'ৰণা ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 16,095 গৰাকী লোক ৷ দেশৰ ভিতৰত মহাৰাষ্ট্ৰ সৰ্বাধিক 1,59,133 গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 7,273 গৰাকী ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.