প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসে ক’লে অগপ বিজেপিৰ মূল শত্ৰু কোন - পৌৰসভা নিৰ্বাচন
🎬 Watch Now: Feature Video
দেওবাৰে পুৱাৰে পৰা আৰম্ভ হোৱা পৌৰসভা নিৰ্বাচন (Assam municipal election 2022) ত বৰপেটাৰ 5 নং ৱাৰ্ড ভোটকেন্দ্ৰ বিদ্যাপীঠ স্কুলত ভোটাধিকাৰ সাব্যস্ত কৰে বৰপেটাৰ অগপৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসে (AGP leader Gunindra Nath Das casts vote in Barpeta) ৷ কংগ্ৰেছ দলক অগপ বিজেপিৰ মূল শত্ৰু বুলি অভিহিত কৰে অগপৰ প্ৰাক্তন বিধায়কজনে ৷ লগতে, বিজেপিয়ে মিত্ৰতাৰ ধৰ্ম পালন নকৰা বুলি অভিযোগ তুলি চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি একাংশ মন্ত্ৰী, বিধায়ক আৰু বিজেপি নেতাই অগপৰ বিৰুদ্ধে কৰা মন্তব্যক লৈ দুখপ্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷ উল্লেখ্য যে, বৰপেটা জিলাৰ পাঁচখন পৌৰসভাৰ 62 টা ৱাৰ্ডৰ বাবে মুঠ 130 টা কেন্দ্ৰত পুৱাৰেপৰা ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । ইয়াৰে বৰপেটা পৌৰসভাৰ 22 টা আৰু বৰপেটাৰোড, হাউলী, সৰ্থেবাৰী আৰু সৰভোগ পৌৰসভাৰ বাবে 10 টাকৈ ৱাৰ্ডৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । জিলাখনৰ মুঠ 62 টা ৱাৰ্ডৰ বাবে মুঠ 184 জন প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে ।
Last Updated : Feb 3, 2023, 8:18 PM IST