thumbnail

মানৱ সমাজে মৰ্যদা সহকাৰে জীয়াই থাকিবলৈ গুৰুজনাই অমৰ বাণী দি গৈছে: সৰ্বানন্দ সোণোৱাল

By

Published : Feb 26, 2022, 4:43 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

দ্বিতীয় বৈকুণ্ঠ ধামত পৰিণত নাহৰকটীয়াৰ ৰাঙলী পথাৰ (91st Annual Session of srimanta Sankardev Sangha) । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ দ্বিতীয় দিনাৰ অধিৱেশনস্থলিত উপস্থিত হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal present at Srimanta Sankardev sangha Adhibeshan)। হৰিনামেৰে মুখৰিত হৈ থকা ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰৰ মূল মঞ্চৰ সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আধ্যাত্মিক চিন্তা চেতনাৰে পৰিপুষ্ট এক সাৱলীল ভাষণ প্ৰদান কৰে ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, মানৱ সমাজে মৰ্যদা সহকাৰে জীয়াই থাকিবলৈ গুৰুজনাই অমৰ বাণী দি গৈছে । সেয়ে গুৰুজনাৰ আদৰ্শৰে সমাজখনক আগবঢ়াই নিয়াৰ বাবে সকলোৱে সংকল্প লোৱা উচিত । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে অধিৱেশনস্থলিত উপস্থিত থাকে স্থানীয় বিধায়ক তৰংগ গগৈ, সংঘৰ প্ৰদাধিকাৰ কমলা কান্ত গগৈ, অসম পেট্ৰ’কেমিকেলচৰ অধ্যক্ষ বিকুল ডেকা, হৃষিকেশ গোস্বামী লগতে কেইবাগৰাকীও বিশিষ্ট ।
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.