Woman constable viral video : কৰ্তব্যৰ সময়ত ৰীল ভিডিঅ' বনাই বিপদত মহিলা আৰক্ষী

By

Published : Dec 15, 2022, 4:46 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail
অযোধ্যাৰ ৰাম জন্মভূমিৰ চৌহদত নিৰাপত্তাৰ দায়িত্বত থকা ৪ গৰাকী মহিলা আৰক্ষীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী বিভাগ (Inquiry against woman constable in UP)। হিন্দী গীতত ৰীল ভিডিঅ' বনোৱা মহিলা আৰক্ষী কেইগৰাকীক তদন্তৰ আওতালৈ অনা হৈছে । ইতিমধ্যে অতিৰিক্ত আৰক্ষী অধীক্ষক মুনিৰাজে বিভাগীয় তদন্তৰো ঘোষণা কৰিছে মহিলা আৰক্ষী কেইগৰাকীৰ বিৰুদ্ধে । জানিব পৰা মতে মহিলা আৰক্ষী কেইগৰাকী ৰাম জন্মভূমি চৌহদৰ নিৰাপত্তাৰ দায়িত্বত আছিল । তেওঁলোকে বনোৱা ৰীল ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগে লগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Viral video of female constables at Ayodhya)। অৱশ্যে তেওঁলোকে সাধাৰণ পোছাকত থকাৰ বাবে প্ৰথম অৱস্থাত চিনাক্ত কৰিব পৰা যোৱা নাছিল । মহিলা কনিষ্টবল কেইগৰাকী ক্ৰমে কবিতা পেটেল, কামিনী কুশৱাহা, কাশিষ চাহনী আৰু সন্ধ্যা সিং বুলি জানিব পৰা গৈছে ।
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.