Theft in Barpeta: দোকানৰ চিলিং ভাঙি চোৰৰ চাফাই অভিযান - পাঁচ আলি চ’কত চুৰিৰ ঘটনা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 31, 2023, 5:29 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

বৰপেটা, ৩১ জানুৱাৰী: বৰপেটাবাসীৰ টোপনি কাঢ়িছে চোৰে (Theft incident increases in Barpeta) ৷ সোমবাৰে নিশা পুনৰ বৰপেটা চহৰৰ মাজমজিয়াৰ পাঁচ আলি চ’কত চুৰিৰ ঘটনা সংঘটিত হৈছে ৷ বৰপেটা জিলাৰ মাজমজিয়াতে থকা জাপি  নামৰ এখন অসমীয়া গহনাৰ দোকানত নিশা চোৰে চাফাই অভিযান চলায় (Thief looted a jewelry shop) ৷ দোকানগৃহৰ চিলিং ভাঙি চোৰ সোমাই লুটি নিয়ে অসমীয়া গহনাসহ নগদ ধন ৷

গহনা দোকানখনৰ স্বত্বাধিকাৰীজনে ঘটনা সন্দৰ্ভত কয়, "মোৰ দোকাখনৰ পৰা গহনাৰ লগতে নগদ প্ৰায় 5 হাজাৰ টকা চোৰে লৈ গৈছে ৷ মোৰ পৰিয়ালটো এইখন দোকানৰ উপাৰ্জনৰ পৰাই চলে ৷ মোক চোৰটো ধৰি দিয়ক ৷ প্ৰশাসনৰ হেমাহিৰ কাৰণেই চহৰৰ মাজত চোৰৰ এনেদৰে উপদ্ৰৱ চলাব পাৰিছে ৷ এনেকৈ চোৰৰ সন্ত্ৰাস চলি থাকিলে আমাৰ নিচিনা দুখীয়া মানুহখিনিয়ে দোকান দি চলাত ভাবুকি আহি পৰিছে ৷"

উল্লেখ্য যে চহৰখনৰ মাজমজিয়াত প্ৰতিদিনে সংঘটিত হৈ আহিছে চুৰি ঘটনা (Barpeta Thief incident) ৷ বিগত তিনিদিনৰ ভিতৰতে চহৰখনৰ মাজ মজিয়াতে থকা ফাৰ্মাচী আৰু গেলামালৰ দোকানত দুবাৰকৈ চোৰে চাফাই অভিযান চলোৱাৰ লগতে লগতে বৰপেটাৰ জামে মছজিদতো চুৰি ঘটনা হৈছিল ৷ 

ইয়াৰ পিচতো বৰপেটা আৰক্ষীয়ে এতিয়ালৈ চোৰৰ বিৰুদ্ধে কোনো পদক্ষেপ নোলোৱাত চিন্তিত হৈছে ব্যৱসায়ীসকলৰ লগতে স্থানীয় লোকসকলে ৷ ভুক্তভোগী ব্যৱসায়ীসকলে অভিযোগ উত্থাপন কৰা অনুসৰি তেওঁলোকে ইয়াৰ পূৰ্বেও আৰক্ষীৰ কাষ চাপিছিল যদিও আৰক্ষীয়ে কোনো সহাৰি দিয়া নাছিল ৷  

এতিয়া ব্যৱসায়ীসকলে চকু মুদা কুলিৰ ভাও ধৰা আৰক্ষীৰ কাষ চাপিবলৈকে এৰিছে বুলি ক্ষোভ উজাাৰে ৷ আৰক্ষীয়ে চোৰ ধৰাতো বাদেই, ওলোটাই ব্যৱসায়ীসকলহে আৰক্ষীৰ হাৰাশাস্তিৰ সন্মুখীন হবলগীয়া হয় ৷ সৰু সুৰা ব্যৱসায়েৰে পৰিয়াল চলাই অহা ব্যৱসায়ীসকলে দীৰ্ঘদিন ধৰি চহৰখনত চলি থকা চুৰিৰ ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে ৷ অচিৰেই চোৰ ধৰি ব্যৱসায়ীসকলৰ সন্মুখত আনি দিবলৈ আৰক্ষীক দাবী উত্থাপন কৰে ক্ষুব্ধ ব্যৱসায়ীসকলে ৷ 

লগতে পঢ়ক: Goat Thieves arrested in Guwahati: মন্দিৰৰ ছাগলী চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত দুই ছাগলী চোৰ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.