অমৃতসৰৰ গুৰু নানক দেৱ হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড - গুৰু নানক দেৱ হাস্পতাল
🎬 Watch Now: Feature Video
অমৃতসৰৰ গুৰু নানক দেৱ হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড (Fire at Guru Nanak Dev Hospital) । হাস্পতালখনৰ ট্ৰেন্সফৰ্মাৰত শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে ৷ অগ্নিকাণ্ডৰ ফলত বহুকেইটা ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ হয় ৷ পৰৱৰ্তী সময়ত অগ্নিকাণ্ড সংঘটিত হোৱা স্থানত হাস্পতালখনৰ সঞ্চালক প্ৰধান ৰাজীৱ দেৱগন উপস্থিত হৈ হাস্পতালখনত ভৰ্তি হৈ থকা ৰোগীসকলক ততাতৈয়াকৈ স্থানান্তৰ কৰা হয় । অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । ঘটনা সন্দৰ্ভত আৰক্ষী-প্ৰশাসনে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ৷ অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই ৷
Last Updated : Feb 3, 2023, 8:23 PM IST