ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ যাত্ৰীবাহী ৰ’পেক্স
🎬 Watch Now: Feature Video
মাজুলীত অথন্তৰ ৷ ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ হ’ল যাত্ৰীবাহী ৰ’পেক্স ফেৰী (Passenger ropax ferry stuck in Brahmaputra river) । তথ্য অনুসৰি, শনিবাৰে ২:৩০ বজাত নিমাতী ঘাটৰ পৰা অফলা অভিমুখে আহি আছিল ৰ’পেক্স ফেৰীখন । কিন্তু হঠাৎ ফেৰীখন বালিত লাগি ধৰাত ব্ৰহ্মপুত্ৰৰ বুকুতে আবদ্ধ হৈ পৰে ফেৰীখন ৷ জানিব পৰা মতে, ফেৰীখনত আছে শতাধিক যাত্ৰী । লগতে ফেৰীখনত আছে কেবাখনো চাৰিচকিয়া বাহন আৰু বাইক । বাতৰি যুগুত কৰা পৰলৈকে মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুতে আবদ্ধ হৈ আছে যাত্ৰীবাহি ৰ’পেক্স ফেৰীখন ৷
Last Updated : Feb 3, 2023, 8:27 PM IST