MP Dilip Saikia at Raas mahotsav: ৰাস মহোৎসৱত মঞ্চ উদ্বোধন সাংসদ দিলীপ শইকীয়াৰ - সাংসদ দিলীপ শইকীয়া

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 11, 2022, 2:18 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

ৰাজ্যজুৰি ৰাসৰ উখল-মাখল পৰিৱেশ (Raas mahotsav in Assam)৷ শুকুৰবাৰে দক্ষিণ পশ্চিম ৰঙিয়া আঞ্চলিক ৰাস মহোৎসৱত উপস্থিত হয় সাংসদ দিলীপ শইকীয়া (MP Dilip Saikia)। ৰঙিয়াৰ বৰকুকুৰীয়াৰ ৰাস মহোৎসৱস্থলীত উপস্থিত হৈ সাংসদগৰাকীয়ে সাংস্কৃতিক মঞ্চ উদ্বোধন কৰে ৷ সাংসদগৰাকীয়ে কয় যে অসমীয়া সমাজ জীৱনত ৰাসৰ প্ৰভাৱ যথেষ্ট বেছি । পুৰণি সময়ৰ তুলনাত বৰ্তমানৰ ৰাস যথেষ্ট সলনি হ'ল । কিন্তু ৰাসৰ মাদকতা আজিও একেই আছে । ভাষণৰ মাজতে আগন্তুক বৰ্ষত তেওঁ ৰাসথলীৰ ভোগঘৰটো নিৰ্মাণ কৰি দিব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়ে । মঞ্চ উদ্বোধন কৰি সাংসদ গৰাকীয়ে ৰাসথলীৰ কাষতে থকা বৰলীয়া নৈৰ বাঁহৰ দলংখন পৰিদৰ্শন কৰে । পৰিদৰ্শনৰ সময়ছোৱাত উপস্থিত থকা স্থানীয় ৰাইজে নদীখনৰ ওপৰত এখন পকী দলঙৰ প্ৰয়োজনীয়তাৰ বিষয়ে সাংসদগৰাকীক অৱগত কৰে । অঞ্চলটো পৰিদৰ্শনৰ পিছত অঞ্চলটোৰ মাজেৰে যোৱা নোনা আৰু বৰলীয়া নৈৰ ওপৰত একোখন দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে (MP Dilip Saikia inaugurates stage at Raas Mahotsav ) ।
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.