MLA Diganta Kalita : আহোম অথবা লাচিতৰ গুণানুকীৰ্তন নকৰা বুলি AIUDF ক কটাক্ষ দিগন্ত কলিতাৰ - Himanta Biswa Sarma on Bagh Hazarika
🎬 Watch Now: Feature Video

এ আই ইউ ডি এফ অসমত আছে নে বাংলাদেশত আছে ? এই প্ৰশ্ন বিধায়ক দিগন্ত কলিতাৰ (MLA Diganta Kalita)৷ এ আই ইউ ডি এফ দলে আহোম বা লাচিতৰ গুণানুকীৰ্তন কোনোদিনে কৰা বুলিও ক’লে বিধায়কগৰাকীয়ে ৷ বিধায়কগৰাকীয়ে এই বুলিও কয় যে, কোনো এজন মুছলমান ব্যক্তিৰ বিৰুদ্ধে সৰু কথা ক’লেও জাঙুৰ খাই উঠে এ আই ইউ ডি এফ দল ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই বাঘ হাজৰিকা কাল্পনিক চৰিত্ৰ (Warrior Bagh Hazarika) বুলি কোৱাৰ প্ৰসংগত AIUDFৰ প্ৰতিক্ৰিয়াৰ আঁতধৰি এনেদৰে মন্তব্য কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই ৷ বিধায়কগৰাকীয়ে লগতে কয় যে AIUDFএ বুৰঞ্জী নাজানে আৰু জানিবলৈও নিবিচাৰে (Himanta Biswa Sarma on Bagh Hazarika)৷
Last Updated : Feb 3, 2023, 8:38 PM IST