Uruka market in Morigaon : বৰালি, চিতল, আৰি.. মৰিগাঁৱৰ বজাৰত উভৈনদী থলুৱা মাছ
🎬 Watch Now: Feature Video
আজি ভোগালীৰ উৰুকা । ৰৌ, বৰালি, চিতলকে ধৰি নানান থলুৱা মাছেৰে বজাৰ উভৈনদী হৈছে (Local fish at Morigaon uruka market)। সকলোৱে পৰিয়ালৰ সৈতে মাছে, মাংসই এসাঁজ খোৱাৰ মানসেৰে বজাৰলৈ আহিছে । পচন্দৰ মাছটো ক্ৰয় কৰিবলৈ বজাৰে বজাৰে ভিৰ কৰিছে লোকসকলে । ১৪-১৫ কেজি ওজনৰ বৰালি ওলাইছে মৰিগাঁৱৰ দৈনিক বজাৰত ।
বৰালিৰ লগতে বিভিন্ন প্ৰকাৰৰ থলুৱা মাছেৰে উভৈনদী হৈছে মৰিগাঁৱৰ দৈনিক বজাৰ (Uruka fish market at Morigaon)। প্ৰতি কেজি বৰালি ১৪০০-১৫০০ টকাত বিক্ৰী হৈছে । দাম বেছি হ'লেও হেপাঁহৰ উৰুকাত লগে ভাগে খাবলৈ সকলোৱে ক্ৰয় কৰিছে পচন্দৰ মাছটো । এই সন্দৰ্ভত চাও আহক মৰিগাঁৱৰ মায়া বজাৰৰ পৰা সাংবাদিক ৰাতুল ডেকাৰ এক প্ৰতিবেদন ।