Protest in Dhemaji : জনজাতিকৰণৰ দাবীত ধেমাজিত কোচ ৰাজবংশীৰ প্ৰতিবাদ - কোচ ৰাজবংশী যুৱ সন্মিলনী
🎬 Watch Now: Feature Video

সোমবাৰে প্ৰতিবাদমুখৰ হৈ পৰিল ধেমাজি (Koch Rajbongshi Yuba Union protest in Dhemaji) ৷ জনজাতিকৰণৰ দাবীত সোমবাৰে ধেমাজিত ৰে’লপথ অৱৰোধ কৰে কোচ ৰাজবংশী যুৱ সন্মিলনীৰ ধেমাজি জিলা সমিতিয়ে ৷ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ আহ্বান মৰ্মে জিলা কোচ ৰাজবংশী যুৱ সন্মিলনী আৰু মহিলাৰ সন্মিলনীৰ সহযোগত ধেমাজিৰ বৰদলনি পদুমনি ৰে’ল গেটত জনগোষ্ঠীটোৰ দুই সহস্ৰাধিক প্ৰতিবাদীয়ে ৰে’লপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দি প্ৰতিবাদকাৰীসকলে উত্তপ্ত কৰি তোলে প্ৰতিবাদস্থলী ৷
Last Updated : Feb 3, 2023, 8:32 PM IST