thumbnail

By

Published : Oct 20, 2022, 1:33 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

ETV Bharat / Videos

DC Keerthi Jalli visited Sontali School: উপায়ুক্ত কীৰ্তি জল্লীৰ খং

কামৰূপ জিলা উপায়ুক্ত কীৰ্তি জল্লীৰ খং উঠিছে(Kamrup DC Keerthi Jalli) । এখন বিদ্যালয় পৰিদৰ্শন কৰিবলৈ গৈ উপায়ুক্তগৰাকীৰ উঠিল এই খং । একশ্যন মুডত শিক্ষকক ধমক কীৰ্তি জল্লীৰ । অন কেমেৰাত দৰমহা কৰ্তনৰ নিৰ্দেশ । বুধবাৰে বিয়লি কামৰূপ জিলা উপায়ুক্ত কীৰ্তি জল্লীয়ে সোণতলীৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰা মুহূৰ্তত হঠাৎ উপস্থিত হয় সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত(Kamrup DC visit Sontali Higher Secondary School) । উপায়ুক্তগৰাকীয়ে বিদ্যালয়খন উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এক মত বিনিময় অনুষ্ঠানত ভাগ লয় । মত বিনিময় অনুষ্ঠানত বিদ্যালয়খনৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰাৰ সময়ত শিক্ষকসকলে কৰ্তব্যত ফাঁকি দিয়া সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলে জিলা উপায়ুক্তগৰাকীক অৱগত কৰে । শিক্ষকে কৰ্তব্যত ফাঁকি দিয়া তথা গাফিলতি কৰা সন্দৰ্ভত জিলা উপায়ুক্ত কীৰ্তি জল্লীয়ে খঙত টিঙিৰিতুলা হৈ পৰে । বিদ্যালয়খনৰ অধ্যক্ষকে ধৰি শিক্ষকসকলক মাতি মুকলিকৈ ধমকি দিয়াৰ লগতে বদলিকৰণৰ ধমকি দিয়ে উপায়ুক্ত কীৰ্তি জল্লীয়ে । কৰ্তব্যত গাফিলতি কৰা শিক্ষকসকলৰ দৰমহা বন্ধ ৰাখিবলৈ অন কেমেৰাত নিৰ্দেশ দিয়ে উপায়ুক্ত কীৰ্তি জল্লীয়ে(Kamrup DC Keerthi Jalli angry on teachers) ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.