Fashion show in Tezpur: শিশুৰ সৌন্দৰ্য প্ৰতিযোগিতাত উজ্বলিল ইন্দিৰা - শিশুৰ সৌন্দৰ্য প্ৰতিযোগিতাত উজ্বলিল ইন্দিৰা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 26, 2022, 4:27 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

বিগত ২৪ জুলাইত তেজপুৰত অনুষ্ঠিত হয় Mister/ Mrs /Miss/Teens/Kids ফেশ্বন শ্ব’ ২০২২ ৰ প্ৰতিযোগিতা (fashion show in Tezpur) ৷ এই শ্ব’ৰ কিডচৰ সৌন্দৰ্য প্ৰতিযোগিতা শাখাত জামুগুৰিহাটৰ ইন্দিৰা শইকীয়াই সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় । শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ নিকটৱৰ্তী ৰামপুৰ হাটিঙা নিবাসী ৰাজুমণি শইকীয়াৰ পঞ্চম শ্ৰেণীত অধ্যয়নৰত কন্যা ইন্দিৰা শইকীয়াই তেজপুৰত অনুষ্ঠিত হোৱা শিশুৰ শাখাৰ ফেশ্বন শ্ব’ত দ্বিতীয় স্থান লাভ কৰে (Indira Saikia won 2nd position in Kids section)। উল্লেখ্য যে, পঞ্চম মানৰ ছাত্ৰী ইন্দিৰাই উক্ত প্ৰতিযোগিতাত বিভিন্ন প্ৰান্তৰ কেইবাগৰাকী প্ৰতিযোগীৰ মাজত এই সন্মান লাভ কৰে । ইয়াৰে প্ৰথম স্থান লাভ কৰা গৰাকী গুৱাহাটীৰ আৰু তৃতীয় স্থান লাভ কৰা গৰাকী লখিমপুৰৰ বুলি জানিব পৰা গৈছে । বৰ্তমান ইন্দিৰাই আগন্তুক দিনত গুৱাহাটীত অনুষ্ঠিত হ’ব লগা ফেশ্বন শ্ব’ত অংশ গ্ৰহণ কৰিব বাবে প্ৰস্তুতি চলাই আছে ।
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.