CM Himanta Biswa Sarma Angry: DC-ADC ক বিচাৰি জাঙুৰ খাই উঠিল মুখ্যমন্ত্ৰী

By

Published : Dec 6, 2022, 7:05 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail
নলবাৰীত DC আৰু ADC ক বিচাৰি খঙাল হৈ উঠিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma Angry in Nalbari)৷ মঙলবাৰে নলবাৰীত "বিকাশৰ বাবে এটা পষেক" অনুষ্ঠানৰ লগত সংগতি ৰাখি নলবাৰীৰ সৰিয়হতলীস্থিত নলবাৰী ষ্টেডিয়ামত এক জনসভাৰ আয়োজন কৰা হয় (CM Himnta Biswa Sarma in Nalbari) । সভাত নলবাৰী জিলালৈ 6 শ কোটিতকৈও অধিক টকাৰে 12 টা প্ৰকল্পৰ ভাৰ্চুৱেলী আধাৰশিলা স্থাপন কৰি জনসভাৰ সমাপ্তিৰ পিছত এগৰাকী আইতাৰ লগত সাক্ষাৎ হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । তাৰ পিছতে উপাযুক্ত, অতিৰিক্ত উপায়ুক্তক কাষত বিচাৰি নাপাই খঙত টিঙিৰিতুলা হৈ পৰিল মুখ্যমন্ত্ৰীগৰাকী ৷ DC ক'ত হেৰাল ? ADC ক'ত গ'ল ? এওঁলোকক আধা ট্ৰেইনিং দিয়ে নেকি ? ভোৰভোৰাই উঠিল মুখ্যমন্ত্ৰী ৷ আইতাগৰাকীৰ নাম ঠিকনা লৈ এতিয়াই তেওঁৰ নাম অৰুণোদয় আঁচনিত ভৰাই দিয়ক বুলি অতিৰিক্ত উপায়ুক্তগৰাকীক নিৰ্দেশনা দিয়ে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.