Assam Arunachal clash: অসমৰ ভূমিত অৰুণাচলীয়ে ভাঙি লণ্ডভণ্ড কৰিলে অমৃত সৰোবৰৰ আধাৰশিলা - অমৃত সৰোবৰ আঁচনিৰ আধাৰশিলা
🎬 Watch Now: Feature Video
লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৰ ট্ৰামজুলি-গৰুবন্ধা অঞ্চলত আগ্ৰাসী অৰুণাচলীয়ে পুনৰ চলাইছে গুণ্ডাগিৰি (Arunachali create clash in Assam) ৷ বিহপুৰীয়া বিধান সভা সমষ্টিৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই (MLA Dr Amiya kumar Bhuyan) স্থাপন কৰা অমৃত সৰোবৰ (Amrit Sarovar scheme)নিৰ্মাণৰ আধাৰশিলা ভাঙি লণ্ডভণ্ড কৰিলে অৰুণাচলী দুৰ্বৃত্তই । এই ঘটনাৰ পিছতে আতংকিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল ৷ উল্লেখ্য যে নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ট্ৰামজুলি গৰুবন্ধা অঞ্চলত প্ৰায় ৪৫ বিঘা মাটিত অসম চৰকাৰৰ তৰফৰ পৰা অমৃত সৰোবৰ নিৰ্মাণৰ বাবে আঁচনি গ্ৰহণ কৰা হৈছিল (Arunachali demolishes the foundation stone) । ভোলাবৰি গাঁও পঞ্চায়তৰ অধীনত গ্ৰহণ কৰা আঁচনিখনৰ আধাৰশিলা কেইদিনমান পূৰ্বে স্থাপন কৰিছিল স্থানীয় বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই (Foundation stone of Amrit Sarovar scheme)। কিন্তু পৰিতাপৰ কথা যে কাম-কাজ অব্যাহত ৰখাৰ সময়তে একাংশ অৰুণাচলী লোকে আহি নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ লগতে ভাঙি লণ্ড-ভণ্ড কৰে খোদ বিধায়কে স্থাপন কৰা আধাৰশিলা । এই ঘটনাই সমগ্ৰ সীমান্তৱৰ্তী অঞ্চলটোৰ লোকসকলক আতংকিত কৰি তুলিছে (Assam Arunachal border clash) । আৰু আতংকিত এইসকল স্থানীয় লোকে আগ্ৰাসী অৰুণাচলীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে শীঘ্ৰে উক্ত নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ কৰাৰ দাবী উত্থাপন কৰিছে ৷
Last Updated : Feb 3, 2023, 8:35 PM IST