thumbnail

By

Published : Dec 16, 2022, 10:49 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

ETV Bharat / Videos

Thief arrested in Guwahati: চুৰি অলংকাৰসহ জালত পৰিল ৰাহুল চোৰ

মহানগৰীত সঘনাই সংঘটিত হৈ আছে অপৰাধজনিত ঘটনা (Crimes in Guwahati) ৷ অবাধ গতিত বৃদ্ধি পাইছে চুৰি, ডকাইতি, হত্যাকাণ্ডৰ দৰে অপৰাধ ৷ যোৱানিশা হাতীগাঁও প্ৰগতি পথৰ ছৈয়দ হাচিনুৰ জামানৰ গৃহ নং 20 A তো চলিল চোৰৰ চাফাই অভিযান (Theft in Guwahati city) ৷ ঘৰত কোনো নথকা সুযোগ লৈ চোৰে লুটি নিয়ে সোণৰ আ-অলংকাৰৰ লগতে নগদ ধন ৷ পিচে কপাল বেয়া আছিল চোৰৰ ৷ এই চুৰিৰ সমগ্ৰ ঘটনা বন্দী হয় CCTV ত ৷ শুকুৰবাৰে হাতীগাঁৱৰ পাকিজা পথৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুধৰ্ষ চোৰটোক (Thief arrested in Guwahati) ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰটোৰ নাম ৰাহুল আলী ৷ লগতে চোৰটোক পৰা জব্দ কৰে প্ৰায় ৪ লাখ টকা মূল্যৰ সোণৰ আ-অলংকাৰৰ লগতে ভঙা তলা, চুৰি কাৰ্যত ব্যৱহৃত সা-সৰঞ্জাম ৷ পূৰ্বেও বহু চুৰিৰ গোচৰ আছে ৰাহুলৰ বিৰুদ্ধে ৷
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.