thumbnail

By

Published : Dec 28, 2022, 10:42 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

ETV Bharat / Videos

3rd Annual Session UBPO: ৰঙিয়াত জিলা UBPOৰ তৃতীয় বাৰ্ষিক অধিৱেশন সম্পন্ন

ৰঙিয়া জিলা ইউবিপিঅ'ৰ তৃতীয় বাৰ্ষিক অধিবেশন সম্পন্ন । ৰঙিয়াৰ কেকোহাটীত ইউবিপিঅ' (United Bodo Peoples Organization) ৰ কামৰূপ জিলা সমিতিৰ তৃতীয় বাৰ্ষিক আৰু ৰঙিয়া আঞ্চলিক সমিতিৰ প্ৰথম বাৰ্ষিক অধিৱেশন দুদিনীয়া কাৰ্যসূচীৰে বুধবাৰে সম্পন্ন হয়(3rd Annual Session of District UBPO in Rangia) । ৭২ নং কেকোহাটী নিম্ন বুনিয়াদী বিদ্যালয় প্ৰাংগণত মঙলবাৰে সন্ধিয়া প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি প্ৰতিনিধি সভা অনুষ্ঠিত হয় । এই সভাত আঞ্চলিকৰ পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয় । সভাত সৰ্বসন্মত সিদ্ধান্ত মৰ্মে গোবিন্দ বসুমতাৰীক সভাপতি আৰু মনোজ বড়োক সাধাৰণ সম্পাদক হিচাপে লৈ নতুন সমিতিখন গঠন কৰা হয় । ইয়াৰ পিছত বুধবাৰে পুৱা সংগঠনটোৰ সভাপতিয়ে পতাকা উত্তোলন কৰে আৰু উপ সভাপতি দীপেন বড়োৱে শ্বহীদ তৰ্পণ কৰে ।
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.