মাণিকপুৰৰ নাগৰিক বজাৰত অবৈধ কাঠমিল জব্দ - মাণিকপুৰ উপ খণ্ড বন বিভাগৰ কাৰ্যালয়
🎬 Watch Now: Feature Video

বঙাইগাঁৱৰ আই ভেলি বন বিভাগৰ বিশেষ বন সুৰক্ষা বাহিনী(Operation of forest department in Manikpur)ৰ সফলতা ৷ জিলাখনৰ মাণিকপুৰ উপ খণ্ড বন বিভাগৰ কাৰ্যালয়ৰ অন্তৰ্গত ৩ নং ছালাবিলাত অবৈধ কাঠফলা মিল জব্দ(Illegal wood mill seized at Manikpur) বন বিভাগৰ ৷ এক বিশেষ সূত্ৰৰ পম খেদি চলোৱা অভিযানত মিলটোৰ লগতে একাংশ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগৰ দলটোৱে ৷ জব্দ কৃত কাঠখিনিৰ মূল্য প্ৰায় বিশ হাজাৰ টকা হ’ব বুলি বন সুৰক্ষা বাহিনীৰ বিষয়া শশীমোহন সিংহই সদৰি কৰে ৷ অভিযানকাৰী দলটোৱে জব্দ কৃত মিলটো আৰু কাঠসমূহ মাণিকপুৰস্থিত উপ বন খণ্ডৰ বিভাগীয় কাৰ্যালয়লৈ লৈ আহে ৷ অৱশ্যে ঘটনা সংক্ৰান্ত জড়িত থকা কোনো ব্যক্তিকে আটক কৰিব নোৱাৰিলে বন বিভাগে ৷
Last Updated : Feb 3, 2023, 8:22 PM IST