ৰঙৰ উৎসৱ ফাকুৱাক লৈ ৰঙিয়াত উখল–মাখল পৰিৱেশ

By

Published : Mar 17, 2022, 1:30 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

thumbnail

শতবৰ্ষ গৰকা উত্তৰ ৰঙিয়া ৰাজহুৱা দৌল মহোৎসৱত পাঁচদিনীয়া কাৰ্যসূচীৰে ৰঙৰ উৎসৱ হোলী উদযাপন (Holi celebration in Rangia) কৰা হৈছে । দৌল মন্দিৰত সকলোৱে সেৱা জনাই ফাকুৱা খেলিলে মন্দিৰ প্ৰাংগণত উপস্থিত প্ৰতিগৰাকীয়ে ৷ ইজনে-সিজনক ৰং সানি আনন্দত মতলীয়া হ’ল সকলো । উল্লেখ্য যে, পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা দৌল মহোৎসৱত এটি 18 ফুট উচ্চতাৰ কংসৰ মূৰ্তি স্থাপন কৰা হৈছে । ফটকাৰে নিৰ্মাণ কৰা কংসৰ মূৰ্তিটো মহোৎসৱৰ অন্তিমদিনা দাহন কৰা হ’ব ৷ এই কংস বধ কাৰ্যসূচীত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই অংশগ্ৰহণ কৰিব (MLA Diganta Kalita will participate in Holi Celebration) বুলি উদ্যোক্তা সমিতিয়ে সদৰী কৰে ৷ এই সন্দৰ্ভত ৰঙিয়াৰ সংবাদদাতা বন্দনা শৰ্মাৰ এক প্ৰতিবেদন ৷

Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.