Operation drink drive: 80 টকাত দুটা পেগ খাই কেনেকৈ 10 হাজাৰ দিম: সুৰাপায়ী চালক - Golaghat transport department raid

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 24, 2022, 12:09 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

ইংৰাজী নতুন বছৰলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহতো ব্যাপক ভিৰ আৰম্ভ হৈছে । আনন্দ উল্লাহৰ মাজতে বহুতে পথ সুৰক্ষা আইন উলংঘন কৰে আৰু দুৰ্ঘটনাত পতিত হয় (Accident in Assam)। যাৰ বাবে এইবাৰ দুৰ্ঘটনা প্ৰতিৰোধৰ ক্ষেত্ৰত কঠোৰ হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM strict on accident prevention)। জিলা প্ৰশাসনৰ লগতে পৰিবহণ বিভাগক দুৰ্ঘটনা প্ৰতিৰোধৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে গোলাঘাটৰ বিভিন্ন প্ৰান্তত আৰক্ষী তথা জিলা পৰিবহণ বিভাগে অভিযান আৰম্ভ কৰিছে (Golaghat transport department raid)। সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযানৰ অংশ হিচাপে ঠায়ে ঠায়ে ব্ৰেথ এনালাইজাৰ লৈ নিশা আৰক্ষীয়ে অভিযান চলাইছে (Operation against drink drive)। এই ক্ষেত্ৰত গোলাঘাটৰ জিলা পৰিবহণ বিষয়াই নৱবৰ্ষ উদযাপন আৰু বনভোজৰ নামত সুৰাপান কৰি বাহন নচলাবলৈ সকীয়াই দিছে । ইয়াৰ মাজতেই এজন সুৰাপায়ী বাইক আৰোহীয়ে কয়," ৮0 টকাত দুটা পেগ খাই কেনেকৈ ১০হাজাৰ দিম ।"
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.