নদী দ্বীপ মাজুলীত খহনীয়াৰ তাণ্ডৱ

By

Published : Apr 7, 2022, 2:31 PM IST

Updated : Feb 3, 2023, 8:22 PM IST

thumbnail

মাজুলীৰ আঁহতগুৰিত খহনীয়াৰ তাণ্ডৱ । বাৰিষা অহাৰ লগে লগে আঁহতগুৰি ২০ খনকৈ গাঁৱৰ গঞাৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে । বিগত বৰ্ষৰ দৰেই এইবছৰো বাৰিষা অহাৰ লগে লগেই গৰাখহনীয়াৰ তাণ্ডৱ আৰম্ভ হৈছে মাজুলীৰ বিভিন্ন অঞ্চলত (Brahmaputra river erosion in Majuli)। আঁহতগুৰিৰ হুতাৰ, ৰায়টি, মাজৰচাপৰিকে আদি কৰি কেইবাখনো গাঁৱকে ধৰি বহু কৃষি ভূমি খহনীয়াৰ কবলত পৰিছে ৷ বৰ্তমান আঁহতগুৰিৰ এই অঞ্চলটোলৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াই ব্যাপক ভাবুকি কঢ়িয়াই আনিছে । সেয়ে অতি সোনকালে চৰকাৰক এই খহনীয়া ৰোধৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনাইছে আঁহতগুৰি অঞ্চলৰ স্থানীয় লোক সকলে ৷

Last Updated : Feb 3, 2023, 8:22 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.