Bir Chilarai Divas: আমিনগাঁৱত উদযাপন মহাবীৰ চিলাৰায়ৰ ৫১২ সংখ্যক জন্ম জয়ন্তী - Birth anniversary of Mahabir Chilarai observed as Chilarai Divas

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 16, 2022, 6:54 PM IST

Updated : Feb 3, 2023, 8:16 PM IST

আজি অৰ্থাৎ বুধবাৰে বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১২ সংখ্যক জন্ম জয়ন্তী (Birth anniversary of Mahabir Chilarai)। অসম চৰকাৰে আমিনগাঁৱৰ চিলাৰায় পাৰ্কত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় চিলাৰায় দিৱস (Birth anniversary of Mahabir Chilarai observed as Chilarai Divas) । অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ, কামৰূপ জিলা প্ৰশাসন আৰু কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত আমিনগাঁৱত সশ্ৰদ্ধ সোঁৱৰণ কৰা হয় বিশ্ব মহাবীৰগৰাকীক । কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিকে বিশ্ব মহাবীৰ গৰাকীৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা জ্ঞাপন কৰে বীৰ চিলাৰায়ক । কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, বিধায়ক পৰমানন্দ ৰাজবংশী, কোচ ৰাজবংশী সন্মিলনিৰ সভাপতি প্ৰণব নাৰায়ণ দেৱকে প্ৰমুখ্য কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে পুষ্পাঞ্জলি অৰ্পন কৰে মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত । অনুষ্ঠানৰ লগত সংগতি ৰাখি এক বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীও ৰূপায়ন কৰা হয় এই অনুষ্ঠানত । বিশ্ব মহাবীৰ চিলাৰায় জয়ন্তী উদযাপনৰ ক্ষেত্ৰত অসম চৰকাৰে চৰম হেমাহি কৰাৰ অভিযোগ তোলে ৰাজবংশী কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰণৱ নাৰায়ণ দেৱে ।
Last Updated : Feb 3, 2023, 8:16 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.