ETV Bharat / state

National Food Security Act: ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ ৰ অধীনত নতুন হিতাধিকাৰী বাছনি সন্দৰ্ভত বৈঠক

তিনিচুকীয়া জিলাত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ ৰ অধীনত ৪০ লাখ নতুন হিতাধিকাৰীক বাছনি কৰি অন্তৰ্ভুক্ত কৰাৰ সন্দৰ্ভত বৃহস্পতিবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় (Meeting on selection of new beneficiaries under NFSA) ৷

author img

By

Published : Jan 13, 2023, 7:17 AM IST

National Food Safety Act meeting in Tinsukia
নতুন হিতাধিকাৰী বাছনি সন্দৰ্ভত বৈঠক

তিনিচুকীয়া, ১২ জানুৱাৰী: ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি, অতি সোনকালে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ ৰ অধীনত ৪০ লাখ নতুন হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা হ’ব (New beneficiaries selection under NFSA) । ইয়াৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ ৰ অধীনত নতুন হিতাধিকাৰী বাছনি আৰু অন্তৰ্ভুক্তি সন্দৰ্ভত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় (National Food Safety Act meeting)।

জিলা উপায়ুক্ত নৰসিং পৱাৰৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত খাদ্য, অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগৰ উপ-সঞ্চালক জয়ন্ত মাধৱ মহন্তই ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ ৰ অধীনত হিতাধিকাৰীৰ বাছনি প্ৰক্ৰিয়া, হিতাধিকাৰী বাছনিৰ বাবে বাছনি সমিতিৰ গঠন প্ৰক্ৰিয়া, NFSA-2013 ৰ (National Food Security Act 2013) অধীনত ৰেচন কাৰ্ডৰ আবেদনৰ বাবে থকা হিতাধিকাৰীৰ যোগ্যতাৰ চৰ্তাৱলীসমূহ সম্বলিত পাৱাৰপইণ্ট প্ৰেজেন্টেশ্ব্যন আগবঢ়ায় । জিলা উপায়ুক্ত নৰসিং পৱাৰে নতুন হিতাধিকাৰী বাছনিৰ প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা হোৱাৰ লগতে এখন ক্ৰুটিহীন হিতাধিকাৰীৰ তালিকা প্ৰস্তুতিৰ বাবে জিলাখনৰ সংশ্লিষ্ট বিভাগক আহ্বান জনায় ।

এই সভাত ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক ৰুপেশ গোৱালা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈ, অতিৰিক্ত উপায়ুক্ত(খাদ্য, অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা) মনজিৎ বৰকাকতী, শদিয়া মহকুমাৰ মহকুমাধিপতি অনুপম ডেকা, মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি প্ৰীতি কুমাৰী, মাকুম পৌৰসভাৰ সভানেত্ৰী বিপাশা বৰা প্ৰমুখ্যে তিনিচুকীয়া জিলাৰ কেউটা ৰাজহচক্ৰৰ চক্ৰ বিষয়াসকল তথা কেইবাটাও উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, পৌৰসভা তথা নগৰ সমিতিৰ কাৰ্যবাহী বিষয়াসকল আৰু খাদ্য অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগৰ (Food Civil Supplies and Consumer Affairs) অন্যান্য বিষয়া- কৰ্মচাৰীসকল উপস্থিত থাকে ৷

উল্লেখ্য যে ভাৰত চৰকাৰে ২০১৩ চনৰ ১০ চেপ্তেম্বৰত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনখন বলবৎ কৰিছিল । এই আঁচনিৰ অধীনত ৰাজ্যখনত প্ৰায় ৫৫ লাখ পৰিয়ালক সামৰি লোৱা হৈছিল । শেহতীয়াকৈ ৰাজ্যৰ ভিন্ন জিলাত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ ৰ অধীনত নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰাৰ সন্দৰ্ভত ৰাজ্যিক কেবিনেটৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

লগতে পঢ়ক: ICU bed inauguration: ICU বিচনাযুক্ত হ’ল মইনা খোৰোং আদৰ্শ চিকিৎসালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.