ETV Bharat / state

Man Elephant Conflict: বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিলে বন্যহস্তীয়ে

author img

By

Published : Jul 4, 2022, 9:30 AM IST

ৰঙাপৰাৰ বৰজুলি চাহ বাগিছাত বনৰীয়া হাতীৰ উপদ্ৰৱত আতংকিত হৈছে লোক (Man Elephant conflict at Rangapara)৷ পকা দেৱাল ভাঙি ঘৰৰ খাদ্য ভক্ষণ কৰি থৈ যায় দুটাকৈ বনৰীয়া হাতীয়ে ৷

Man Elephant conflict at Rangapara
বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিলে বন্যহস্তীয়ে

ৰঙাপাৰা, 4 জুলাই: বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত ৰাজ্যবাসীৰ বাবে কোনো নতুন কথা নহয় (Man Elephant conflict in Assam)৷ হাতীৰ আক্ৰমণত বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে ৷ ৰঙাপৰাৰ বৰজুলি চাহ বাগিছাত বনৰীয়া হাতীৰ উপদ্ৰৱত আতংকিত হৈছে লোক (Man Elephant conflict at Rangapara)৷

শোণিতপুৰ জিলাৰ ৰঙাপৰাত দেওবাৰে নিশা পুনৰ বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায় ৷ খাদ্যৰ সন্ধানত ওলাই অহা দুটা বনৰীয়া হাতীয়ে নিশা প্ৰায় 1 বজাত চাহ বাগিচাখনৰ ষ্টাফ লাইনৰ নিৱাসী তথা বৰজুলি হাইস্কুলৰ শিক্ষক জীৱন প্ৰসাদ উপাধ্যায়ৰ বাসগৃহত সোমাই ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰে ৷ বনৰীয়া হাতীৰ উপদ্ৰৱত শংকিত হৈ পৰে পৰিয়ালটো ৷

Man Elephant conflict at Rangapara

ঘৰৰ পকা দেৱাল ভাঙি লোকজনৰ ঘৰৰ খাদ্য ভক্ষণ কৰে বনৰীয়া হাতী দুটাই ৷ উল্লেখ্য যে ৰঙাপৰা অঞ্চলত বনৰীয়া হাতীয়ে বছৰৰ পিছত বছৰ ধৰি তাণ্ডৱলীলা চলাই ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে ৷ বনৰীয়া হাতীৰ সমস্যাই এতিয়া ৰাইজক চিন্তিত কৰি তুলিছে ৷ অঞ্চলটোত হাতী-মানুহৰ সংঘাত প্ৰতিৰোধৰ ক্ষেত্ৰত বন বিভাগে পদক্ষেপ গ্ৰহণ কৰিছে যদিও সফল হব পৰা নাই ৷

লগতে পঢ়ক : Man elephant conflict: কলিয়াবৰত বন্যহস্তীৰ উপদ্ৰৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.