ETV Bharat / state

Agriculture Exhibition: শোণিতপুৰত কৃষক মেলাৰ আয়োজন - National Edible Oil Mission

যুৱশক্তিৰ অংশগ্রহণে কৃষিখণ্ডত নৱজাগৰণৰ সূচনা কৰিবলৈ সাজু শোণিতপুৰ । কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা (ATMA) সৌজন্যত আৰু শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত আয়োজিত কৃষক মেলাৰ শুভাৰম্ভণি(Agriculture Exhibition in Sonitpur) । অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ ।

Agriculture Exhibition in Sonitpur
শোণিতপুৰত কৃষক মেলাৰ আয়োজন
author img

By

Published : Apr 11, 2023, 9:56 PM IST

তেজপুৰ,১১ এপ্ৰিল: উদুলি-মুদুলি পৰিৱেশ বিৰাজ কৰিছে তেজপুৰৰ হেম বৰুৱা প্ৰাংগণত । মঙলবাৰৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয় কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা (Agricultural Technology Management Agency) সৌজন্যত আৰু শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত আয়োজিত “কৃষক মেলা”(Agriculture Exhibition in Sonitpur) । “কৃষকৰ উন্নতিয়েই দেশৰ প্ৰগতি” এই নীতিকেই সাৰোগত কৰি জিলাখনৰ কৃষকসকলৰ উৎপাদিত সামগ্রীৰ প্ৰদৰ্শনী তথা বিক্ৰীৰ ব্যৱস্থা কৰা এই কৃষক মেলাখনৰ প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে শোণিতপুৰ জিলাৰ সন্মানীয় উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই (Farmers Fair held in Sonitpur) ।

উপস্থিত থাকে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ, জিলা পৰিষদৰ সভানেত্রী ডলী চুৰিণ, যুটীয়া কৃষি সঞ্চালক (উত্তৰ সংমণ্ডল) পবিত্ৰ শৰ্মা, জিলা কৃষি বিষয়া পংকজ শইকীয়াৰ লগতে বিভাগীয় বিষয়া কৰ্মচাৰীসকল । জিলাখনৰ কৃষকসকলৰ বাবে এক বৃহৎ মঞ্চ হিচাপে পৰিগণিত হোৱা মেলাখনে সামৰি লৈছে কৃষি উদ্যান শস্যৰ প্ৰদৰ্শনী, কাৰিকৰী বিষয় সম্পৰ্কীয় আলোচনা চক্র, কৃষকৰ প্ৰশিক্ষণ, ফচল বীমা যোজনাৰ পলিচি বিতৰণ আৰু কৃষি যন্ত্ৰ-পাতি বিতৰণ অনুষ্ঠানৰ ।

নাৰ্চাৰীৰ শিতানত জিলাখনৰ কেইবাখনো আগশাৰীৰ নাৰ্ছাৰীয়ে অংশগ্ৰহন কৰে । উপলব্ধ হৈছে বিভিন্ন ধৰণৰ ফুলৰ পুলি, ইনডোৰ প্লেণ্টছৰ উপৰিও ঔষধি গছৰ পুলি । জিলাখনৰ কৃষকসকলৰ দ্বাৰা উৎপাদিত বিভিন্ন সামগ্ৰীয়ে প্ৰদৰ্শনীস্থলীৰ শোভাবৰ্ধন কৰে । বিশেষকৈ ডিপুটা কৃষি চক্রৰ টেঙাবস্তিৰ নিৱাসী শ্বেখ মুদ্দাচিৰ আলমৰ কৃষি পথাৰত কোনোধৰণৰ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ নকৰাকৈ উৎপাদিত থলুৱা ২১ কেজি ওজনৰ ৰঙালাও, জামুগুৰিহাটৰ ১৫ কেজি ওজনৰ ৰঙালাও, জামুগুৰিৰ আদৰ্শ কৃষক শৰৎ বৰুৱাৰ কলা জিকা, ষ্ট্ৰবেৰী আৰু কলীয়া ভোমোৰা কৃষক উৎপাদক কোম্পানীৰ মহিলা কৃষক জামিনী কলিতাৰ ক'লা চাউলে সকলোৰে দৃষ্টি আকর্ষণ কৰে ।

শোণিতপুৰ জিলাৰ মিলনপুৰৰ মৃদুলা শইকীয়াৰ দ্বাৰা প্ৰস্তুত কৰা কীটনাশক দ্ৰব্যৰ বিপৰীতে চাধা পানী, কাপোৰ ধোৱা চাবোনৰ পানী, চূণৰ পানী আৰু মহানিমৰ পানীৰে জলকীয়া, নেমু, অমিতা গছৰ প্ৰতিকাৰৰ বাবে দিবলৈ প্রস্তুত কৰা দৰৱে বিশেষ সমাদৰ লাভ কৰে । ইয়াৰ উপৰিও এই কৃষক মেলাৰ লগত সংগতি ৰাখি যুটীয়া কৃষি সঞ্চালক (উত্তৰ সংমণ্ডল)ৰ পবিত্ৰ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত কৃষকৰ সভাত জিলাখনৰ কৃষক উৎপাদক কোম্পানীৰ কৃষকসকলৰ লগতে অন্যান্য কৃষকসকলৰ সৈতে মতবিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয় ।

উক্ত অনুষ্ঠানতে ঢেকিয়াজুলি, বিহগুৰী, ঠেলামৰা, ঢলাইবিল কৃষি উন্নয়ন চক্রৰ চাৰিজনকৈ কৃষকক ৰাষ্ট্রীয় খাদ্য সুৰক্ষা অভিযান (National Food Security Mission) আচঁনিৰ অধীনত ৮৫ হাজাৰ টকা ৰেহাই মূল্যত পাৱাৰটিলা বিতৰণ কৰা হয় লগতে বিন্দুকুৰী, ঠেলামৰা, ডিপুটা কৃষি উন্নয়ন চক্রৰ তিনিগৰাকীকৈ উদ্যমী মহিলাক উদ্যান শস্য আচঁনিৰ অধীনত সম্পূৰ্ণ বিনামূলীয়াকৈ তিনিটা পিঠাগুৰি খুন্দা মেচিন প্ৰদান কৰা হয় ।

এই অনুষ্ঠানতে ৰাষ্ট্রীয় ভোজ্য তেল অভিযান (National Edible Oil Mission)-তৈল পাম (NMEO-OP) আঁচনি সম্পৰ্কে কৃষকসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয় । এই প্ৰশিক্ষণ অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অৱসৰপ্রাপ্ত কৃষি বিষয়া অৰুণ হাজৰিকা, তৈল পাম আঁচনিৰ জিলা নডেল বিষয়া নিখিল নাৰায়ণ বৰুৱা । আনহাতে বিভিন্ন ধৰণৰ অসমীয়া জলপান, তেল পিঠা, তিল পিঠা, আচাৰ, বাটন কাঠফুলা ইত্যাদি বিপণিৰ উপৰিও কৃষক উৎপাদক কোম্পানী অৰ্থাৎ FPC ৰ উৎপাদিত সামগ্রীৰ বিপণীত ৰাইজৰ ব্যাপক ভিৰ পৰিলক্ষিত হয় ।

লগতে পঢ়ক: Bihu dance for World record: বিহুৰ বিশ্বমুখী যাত্ৰালৈ অহা শিল্পীৰ দুদৰ্শা; ৰাজপথতে কটালে উজাগৰী নিশা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.