ETV Bharat / state

নাহেন্দ্ৰ পাদুনলৈ সাহিত্যাচার্য সন্মান-2019 - অসম সাহিত্য সভা

মিচিং ভাষা সাহিত্যৰ পুৰোধা ব্যক্তি,বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক নাহেন্দ্ৰ পাদুনলৈ সাহিত্যাচার্য সন্মান ।

নাহেন্দ্ৰ পাদুনলৈ সাহিত্যাচার্য সন্মান 2019
author img

By

Published : Nov 25, 2019, 7:48 PM IST

শিৱসাগৰ, 25 নৱেম্বৰঃ বিশিষ্ট সাহিত্যিক নাহেন্দ্ৰ পাদুনলৈ আগবঢ়োৱা হৈছে ২০১৯ বর্ষৰ সাহিত্যচার্য সন্মান ৷ অসমীয়া ভাষা সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে অসম সাহিত্য সভাই সাহিত্যিক নাহেন্দ্ৰ পাদুনলৈ আগবঢ়াই এই সন্মান ৷ আগন্তুক ২৭ নৱেম্বৰত মাছখোৱা প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুস্থিত হ'বলগীয়া অসম সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অনুস্থান 'সমাৱৰ্তন ২০১৯' ত এই এই সন্মান প্ৰদান কৰা হ'ব সাহিত্যিক গৰাকীক। সমাৱৰ্তন অনুষ্ঠানত উপস্থিত থাকিব মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰয়ৰ লগতে সভাৰ প্ৰাক্তন সভাপতি ডঃ ধ্ৰৱজ্যোতি বৰা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰকাশজ্যোতি সন্দিকৈৰ দৰে কেইবাগৰাকী গণ্য মান্য ব্যক্তি ।

নাহেন্দ্ৰ পাদুনলৈ সাহিত্যাচার্য সন্মান 2019

আনহাতে, শিৱসাগৰ মহাবিদ্যালয় জয়সাগৰৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰা নাহেন্দ্ৰ পাদুনে অসমীয়া সাহিত্যৰ লগতে মিচিং সাহিত্যলৈ যথেষ্ট অৱদান আগবঢ়াইছে। শিৱসাগৰৰ গণকপটিৰ সেউজপুৰৰ নিৱাসী নাহেন্দ্ৰ পাদুনলৈ অসম সাহিত্য সভাই আগবঢ়োৱা এনে সন্মানৰ বাবে স্বাভাৱিকতে উৎফুল্লিত হৈ উঠিছে শিৱসাগৰবাসী তথা ৰাজ্যৰ সাহিত্য অনুৰাগীসকল।

লগতে পঢ়কঃনগাঁৱৰ এখন দুৰ্দশাগ্ৰস্ত প্ৰাথমিক বিদ্যালয়

Intro:Body:মিচিং ভাষা সাহিত্যৰ পুৰোধা ব্যক্তি,বিশিষ্ট সাহিত্যিক
তথা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক নাহেন্দ্ৰ পাদুনলৈ সাহিত্যাচার্য সন্মান২০১৯

Story-AWARD TO PADUN
Ananta Smith
Sivasagar
25th November

মিচিং ভাষা সাহিত্যৰ পুৰোধা ব্যক্তি , বিশিষ্ট সাহিত্যিক
তথা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক নাহেন্দ্ৰ পাদুনলৈ সাহিত্যাচার্য সন্মান ।

অসমীয়া ভাষা সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে অসম সাহিত্য সভাই সাহিত্যক নাহেন্দ্র পাদুনলৈ ২০১৯ বর্ষ সাহিত্যচার্য সন্মান আগবঢ়াইছে। অহা ২৭ নৱেম্বৰত মাছখোৱা প্রাগজ্যোতি সাংস্কৃতিক প্রকল্পত অনুস্থিত হ'ব লগীয়া অসম সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অনুস্থান *সমাৱৰ্তন ২০১৯* ত এই এই সন্মান প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে। উক্ত অনুস্থানত উপস্থিত থাকিব মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰয়ৰ লগতে সভাৰ প্ৰাক্তন সভাপতি ড৹ ধ্রুৱজ্যোতি বৰা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ প্রকাশজ্যোতি সন্দিকৈ দৰে কেইবাজনো গণ্য মান্য ব্যক্তি।

শিৱসাগৰ মহাবিদ্যালয় জয়সাগৰৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰা নাহেন্দ্র পাদুনে অসমীয়া সাহিত্যৰ লগতে মিচিং সাহিত্যলৈ যথেষ্ট অৱদান আগবঢ়াইছে। শিৱসাগৰৰ গণকপটিৰ সেউজপুৰৰ নিৱাসী নাহেন্দ্র পাদুনলৈ অসম সাহিত্য সভাই আগবঢ়োৱা এনে সন্মানৰ বাবে স্বাভাৱিকতে উৎফুল্লিত হৈ উঠিছে শিৱসাগৰবাসী তথা ৰাজ্যৰ সাহিত্য অনুৰাগী সকল।

Bite-নাহেন্দ্ৰ পাদুনConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.