ETV Bharat / state

বিৰোধীৰ ভোট বিভাজনৰ বাবে আজি তিনি ৰাজ্যত বিজেপিয়ে জয়ী হৈছে: মনোৰঞ্জন তালুকদাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 10:35 PM IST

নলবাৰীৰ মুকালমুৱাত চি.পি.আই.(এম.) পশ্চিম নলবাৰী আঞ্চলিক কমিটিৰ উদ্যোগত জনসভা ৷ বিৰোধীৰ ভোট বিভাজনৰ বাবে তিনি ৰাজ্যত বিজেপিয়ে জয়লাভ কৰে বুলি কয় বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷

Public Meeting of CPIM at Mukalmua in Nalbari
চি.পি.আই.(এম.)ৰ উদ্যোগত নলবাৰীত জনসভা
চি.পি.আই.(এম.)ৰ উদ্যোগত জনসভা

নলবাৰী, 3 ডিচেম্বৰ : নলবাৰী জিলাৰ মুকালমুৱাত চি.পি.আই.(এম.)ৰ পশ্চিম নলবাৰী আঞ্চলিক সমিটিৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হয় এখন জনসভা ৷ আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে জনমত গঠন কৰাৰ উদ্দেশ্যে বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মুকালমুৱাতো দলটোৱে অনুষ্ঠিত কৰে এই জনসভা ৷

বিশিষ্ট শিক্ষক নগেন দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা জনসভাখনত চি.পি.আই.(এম.) দলৰ ৰাজ্যিক নেতা তথা সৰভোগ বিধানসভা সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ উপস্থিত থাকি বিজেপি নেতৃত্বাধীন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ৷ বিধায়ক তালুকদাৰে কয় যে বিজেপি চৰকাৰখনে ৰাইজক মূল্যবৃদ্ধিৰে হাৰাশাস্তি কৰাৰ বাহিৰে একো কাম কৰা নাই ৷ লগতে বিধায়ক তালুকদাৰে কয় যে দেশত বিজেপিয়ে শাসন কৰা প্ৰায় 10 বছৰেই হ’ল, কিন্তু নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি আজিলৈকে পালন নকৰিলে দলটোৱে ৷

বিধায়কগৰাকীয়ে কয় যে, শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰৰ দিনতে বিভিন্ন দুৰ্নীতি দেখিও নেদেখাৰ ভাও ধৰি আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ইফালে 4 ৰাজ্যৰ নিৰ্বাচনী ফলাফল সন্দৰ্ভত বিধায়ক তালুকদাৰে কয় বিৰোধীৰ ভোট বিভাজন কৰি বিজেপিয়ে জয়লাভ কৰিছে, সেয়েহে আগন্তুক লোকসভা নিৰ্বাচনত বিৰোধীৰ ভোট বিভাজন হ’বলৈ দিব নালাগে ৷

বিজেপিৰ বিৰুদ্ধে INDIA মিত্ৰজোঁটৰ সমৰ্থনত বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত উমৈহতীয়াভাৱে এজন এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি কয় তেওঁ ৷ লগতে আগন্তুক লোকসভা নিৰ্বাচনত অসমত মিত্ৰজোঁটৰ পৰা এখন আসনত প্ৰতিদ্বন্দিতা কৰাৰ কথা উল্লেখ কৰে চি পি আই এম নেতা তথা বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷

জনসভাখনত উপস্থিত থাকে চি.পি.আই.(এম.) ৰ ৰাজ্যিক কমিটিৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰ, চি.পি.আই.(এম.)ৰ নলবাৰী জিলা সম্পাদক উমেশ দত্ত, পশ্চিম নলবাৰী আঞ্চলিক কমিটিৰ বিষয়ববীয়া সকলৰ লগতে অঞ্চলস্থ ৰাইজ ৷

লগতে পঢ়ক : 2024 ত পুনৰ বিজেপি চৰকাৰ অহাৰ ইংগিত তিনি ৰাজ্যৰ বিজয়; অমিয় ভূঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.