ETV Bharat / state

দৰিদ্ৰ জনসাধাৰণৰ সৈতে কোনো সম্পৰ্ক নাই মোদী চৰকাৰৰ : শ্ৰীৰাম চৌধুৰী - Shreeram Choudhuri at Nagaon

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে কৃষক, শ্ৰমিকৰ প্ৰাপ্য আদায়ৰ দাবীত নগাঁৱত গ্ৰামীণ শ্ৰমিক সংস্থাৰ মহাসভা । মহাসভাত অংশগ্ৰহণ ৰাষ্ট্ৰীয় কৃষক, শ্ৰমিক নেতা শ্ৰীৰাম চৌধুৰী ।

national cultivator and labour leader Shreeram Choudhuri at Nagaon
দৰিদ্ৰ জনসাধাৰণৰ সৈতে কোনো সম্পৰ্ক নাই মোদী চৰকাৰৰ : শ্ৰীৰাম চৌধুৰী
author img

By

Published : Feb 2, 2020, 8:49 AM IST

নগাঁও,2 ফেব্ৰুৱাৰী: নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে গ্ৰামীণ শ্ৰমজীৱী ৰাইজৰ জীৱন জীৱিকাৰ অধিকাৰ সুনিশ্চিত কৰা, বনাঞ্চল, চৰাঞ্চল সহ গৃহহীন, ভূমিহীন নিবনুৱাৰ ৰাষ্ট্ৰীয় পঞ্জী প্ৰস্তুত কৰাকে ধৰি কেবাটাও দাবীত শনিবাৰে নগাঁৱত অনুষ্ঠিত হয় মহাসভা। সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা আৰু কৃষক গৰীব ন্যায় সন্থাৰ উদ্যোগত নগাওঁ শ্বহীদ ভৱনত অনুষ্ঠিত মহাসভাত অংশগ্ৰহণ কৰি সৰ্বভাৰতীয় কৃষক, গ্ৰামীণ শ্ৰমিক সন্থাৰ সভাপতি শ্ৰীৰাম চৌধুৰীয়ে কেন্দ্ৰৰ মোদী চৰকাৰৰ লগতে ৰাজ্যৰ বিজেপি চৰকাৰকো চোকা সমালোচনা কৰে । মোদী নেতৃত্বাধীন চৰকাৰৰ গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ জনসাধাৰণৰ লগত কোনো সম্পৰ্ক নাই বুলিয়ো মন্তব্য কৰে সভাপতিগৰাকীয়ে । অসমতো বহু চৰকাৰ সলনি হ'ল যদিও ৰাজ্যৰ দৰিদ্ৰ জনসাধাৰণৰ কোনো পৰিৱৰ্তন হোৱা নাই বুলিও উল্লেখ কৰি অসমৰ সম্পদ বিক্ৰীৰ চেষ্টা কৰা বুলি চৰকাৰক তীব্ৰ সমালোচনা কৰে শ্ৰমিক নেতাজনে । লগতে কয় যে চৰকাৰে কেৱল গুলীৰে ভয় ভাবুকি দেখুৱাব বিচাৰিছে যদিও দেশৰ জনতা এতিয়া জাগ্ৰত হৈছে ।

নগাঁৱত গ্ৰামীণ শ্ৰমিক সন্থাৰ মহাসভাত ৰাষ্ট্ৰীয় কৃষক শ্ৰমিক নেতা শ্ৰীৰাম চৌধুৰী

মহাসভা অনুষ্ঠিত হোৱাৰ পূৰ্বে সহস্ৰাধিক লোকে গ্ৰামীণ শ্ৰমিক সন্থাৰ নেতৃত্বত নগাঁও চহৰৰ মাজেৰে উলিয়াই এক বিশাল সমদল । মহাসভাত অংশগ্ৰহণ কৰি সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ সভাপতি অৰূপ মহন্তই কয় যে, অসমৰ গ্ৰাম্য অঞ্চলৰ অধিকাংশ লোক এতিয়া মাইক্ৰফাইনেন্সৰ ঋণৰ কৱলত পৰি দিশহাৰা হৈছে । এইক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপ দাবী কৰি দৰিদ্ৰ লোকৰ ঋণ ৰেহাই দিয়াৰো দাবী উত্থাপন কৰে শ্ৰমিক নেতাজনে ।

লগতে পঢ়ক:সাইলাখ ভাৰতৰ মেপৰ দৃশ্য হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু

Intro:কা' বাতিলৰ লগতে কৃষক, শ্ৰমিকৰ প্ৰাপ্য আদায়ৰ দাবীত নগাঁৱত গ্ৰামীণ শ্ৰমিক সংস্থাৰ মহাসভা। মহাসভাত অংশগ্ৰহণ ৰাষ্ট্ৰীয় কৃষক, শ্ৰমিক নেতা শ্ৰীৰাম চৌধুৰী। অসমত চৰকাৰৰ পৰিৱৰ্তন হৈছে কিন্তু কৃষক শ্ৰমিকৰ কোনো পৰিৱৰ্তন হোৱা নাই। দৰিদ্ৰ জনসাধাৰণৰ সৈতে কোনো সম্পৰ্ক নাই মোদী চৰকাৰৰ। ই টি ভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰত আৰু কি কি কলে ৰাষ্ট্ৰীয় শ্ৰমিক নেতা শ্ৰীৰাম চৌধুৰীয়ে।

Body:নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে গ্ৰামীণ শ্ৰমজীৱী ৰাইজৰ জীৱন জীৱিকাৰ অধিকাৰ সুনিশ্চিত কৰা, বনাঞ্চল, চৰাঞ্চল সহ গৃহহীন, ভূমিহীন নিবনুৱাৰ ৰাষ্ট্ৰীয় পঞ্জী প্ৰস্তুত কৰাকে ধৰি কেবাটাও দাবীত শনিবাৰে নগাঁৱত অনুষ্ঠিত হয় মহাসভাৰ। সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা আৰু কৃষক গৰীৱ ন্যায় সন্থাৰ উদ্যোগত নগাওঁ শ্বহীদ ভৱনত অনুষ্ঠিত মহাসভাত অংশগ্ৰহণ কৰি সৰ্বভাৰতীয় কৃষক, গ্ৰামীণ শ্ৰমিক সন্থাৰ সভাপতি শ্ৰীৰাম চৌধুৰীয়ে কেন্দ্ৰৰ মোদী চৰকাৰৰ লগতে ৰাজ্যৰ বিজেপি চৰকাৰকো চোকা সমালোচনা কৰে। মোদী নেতৃত্বাধীন চৰকাৰৰ গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ জনসাধাৰণৰ লগত কোনো সম্পৰ্ক নাই বুলি মন্তব্য কৰি। অসমতো বহু চৰকাৰ সলনি হল যদিও ৰাজ্যৰ দৰিদ্ৰ জনসাধাৰণৰ কোনো পৰিৱৰ্তন হোৱা নাই বুলিও উল্লেখ কৰি অসমৰ সম্পদ বিক্ৰীৰ চেষ্টা কৰা বুলি চৰকাৰৰ বিৰুদ্ধে মন্তব্য কৰে শ্ৰমিক নেতাজনে। ই টি ভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত শ্ৰমিকনেতাজনে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধেও কৰে বহুকেইটা বিস্ফোৰক মন্তব্য। চৰকাৰে কেৱল গুলীৰে ভয় ভাবুকি দেখুৱাব বিচাৰিছে যদিও দেশৰ জনতা এতিয়া জাগ্ৰত হৈছে।
bite- শ্ৰীৰাম চৌধুৰী, সভাপিতি, সৰ্বভাৰতীয় কৃষক শ্ৰমিক সন্থা।

Conclusion:মহাসভা অনুষ্ঠিত হোৱাৰ পূৰ্বে সহস্ৰাধিক লোকে গ্ৰামীণ শ্ৰমিক সন্থাৰ নেতৃত্বত নগাওঁ চহৰৰ মাজেৰে উলিয়াই এক বিশাল সমদল। মহাভাত অংশগ্ৰহণ কৰি সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ সভাপতি অৰূপ মহন্তৰ মন্তব্য। অসমৰ গ্ৰাম্য অঞ্চলৰ অধিকাংশ লোক এতিয়া মাইক্ৰফাইনেন্সৰ ঋণৰ কৱলত পৰি দিশহাৰা হৈছে। এইক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপ দাবী কৰি দৰিদ্ৰ লোকৰ ঋণ ৰেহাই দিয়াৰো দাবী উত্থাপন কৰে শ্ৰমিক নেতাজনে।
bite- অৰূপ মহন্ত, সভাপতি ,সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা।
------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১-২-২০

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.