ETV Bharat / state

লংকাত ৰে'লৰ খুন্দাত নিহত অস্থায়ী বনকর্মীৰ - লংকা আঞ্চলিক বন বিভাগ

ৰে'লৰ খুন্দাত প্ৰাণ হেৰুৱালে অস্থায়ী বনকর্মীয়ে । হাৱাইপুৰ ৰে’ল ষ্টেচনৰ সমীপৰত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা ৷ ৰে'ল পথত বনৰীয়া হাতীৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ আছিল বনকৰ্মী গৰাকী ৷

forest worker death in train collision at langka
লংকাত ৰে'লৰ খুন্দাত নিহত অস্থায়ী বনকর্মীৰ
author img

By

Published : Aug 26, 2021, 7:33 PM IST

হোজাই, 26 আগষ্ট : হোজাই জিলা লংকাত ৰে'লৰ খুন্দাত প্ৰাণ হেৰুৱালে অস্থায়ী বনকর্মীয়ে । হোজাই জিলা হাৱাইপুৰ ৰে’ল ষ্টেচনৰ সমীপৰত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা ৷ জানিব পৰা মতে লাংকাৰ গোসাঁইগাঁৱত নামনিমুৱা ০৩১৭৪ নং Sealdah Kanchanjunga Festival Expressৰ খুন্দাত ৰবীন্দ্ৰ শইকীয়া নাম বন বিভাগৰ এগৰাকী অস্থায়ী কৰ্মীৰ থিতাতে নিহত হয় ৷

বন বিভাগৰ এক সূত্ৰই সদৰি কৰা মতে, নিহত ৰবীন্দ্ৰ শইকীয়া লামডিং সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত ভিতৰুৱা অঞ্চলৰ ৰে'ল পথত বনৰীয়া হাতীৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ আছিল ৷ উল্লেখ্য যে, লামডিং বনাঞ্চলৰ সমীপৰ গোসাঁইগাঁও অঞ্চলটো বন্যহস্তী কৰিডৰ হিচাপে জনা যায় । এই স্থানতেই 2018 চনত ৰে'লৰ খুন্দাত পোৱালিসহ পাঁচটাকৈ বনৰীয়া হাতীৰ মৃত্যু হৈছিল ৷

ইয়াৰ পৰিপেক্ষিতত 2018 চনৰ পৰাই বন্যহস্তীৰ সুৰক্ষাৰ বাবে লামডিং সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত উক্ত অঞ্চলটোত ভাৰতীয় ৰে’ল বিভাগ আৰু বন বিভাগে যুটীয়াভাৱে পহৰাৰ দিয়াৰ ব্যৱস্থা কৰে ৷

লংকাত ৰে'লৰ খুন্দাত নিহত অস্থায়ী বনকর্মীৰ

লগতে পঢ়ক: কয়াকুছিত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ দল

লংকা আঞ্চলিক বন বিভাগে এগৰাকী স্থায়ী বনকৰ্মী সহ অস্থায়ী ভাৱে দুগৰাকী লোকক নিয়োজিত কৰি গোসাঁইগাঁৱৰ সমীপৰ অঞ্চলত পহৰা দিয়াৰ ব্যৱস্থা কৰিছিল ৷ ইয়াৰ দুগৰাকী অস্থায়ী বন কৰ্মীৰ মাজৰে এগৰাকী হৈছে ৰবীন্দ্ৰ শ‍ইকীয়া ৷ উক্ত দুর্ঘটনাটো সংঘটিত হোৱাৰ পাছত দায়িত্বত থকা বনপালক ছিদ্দিক আহমেদ ঘটনাস্থলীত গৈ উপস্থিত হৈ প্ৰত্যক্ষ কৰিলে ৰবীন্দ্ৰ শ‍ইকীয়াৰ মৃতদেহ ৷

ইয়াৰ পাচতে বন কৰ্মী গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয় । ইফালে, অস্থায়ী বন কর্মী ৰবীন্দ্ৰ শ‍ইকীয়াৰ মৃত্যুৰ ঘটনাটোৰ সন্দৰ্ভত বন বিষয়া শ্বামীম আখতাৰৰ তত্ত্বাৱধানত তদন্ত প্রক্রিয়া আৰম্ভ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ স্থানীয় ৰাইজে এই ঘটনাত শোক প্ৰকাশ কৰাৰ লগতে অস্থায়ী বনকর্মী ৰবীন্দ্ৰ শ‍ইকীয়াৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ বাবে জনাইছে দাবী ।

লগতে পঢ়ক: 4 দিনীয়া ভ্ৰমণসূচীৰে উত্তৰ প্ৰদেশলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.