নগাঁও,14ফেব্ৰুৱাৰী: দেওবাৰে ৰাজ্যৰ বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াক আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান কৰা হয় ৷ নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অভিনেতাগৰাকীক এই বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
বঁটা প্ৰদান কৰি বিশিষ্ট অভিনেতাগৰাকীৰ অভিনয়ে হৃদয় স্পৰ্শ কৰে বুলি মন্তব্য কৰি কোনোদিনে অভিনয় নেৰিবলৈ বিষ্ণু খাৰঘৰীয়াক আহ্বান জনায় মুখ্যমন্ত্ৰী সোণোৱালে ৷
আনহাতে,সংবাদমাধ্যমৰ আগত আগন্তুক 2021ত পুনৰ বিজেপি চৰকাৰ হ'ব বুলি কৈ 55 বছৰে শাসন কৰা কংগ্ৰেছে অসমৰ বাবে যি কাম নকৰিলে সেই কাম বিজেপি চৰকাৰে 4 বছৰতে কৰিলে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তদুপৰি অসমৰ ৰাইজে কংগ্ৰেছক পুনৰ অসমৰ ৰাইজে বিশ্বাসত নলয় বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
ইয়াৰ লগতে বিগত সময়ত সংবাদ মাধ্যমে গঠনমূলক সমালোচনাৰে বিজেপি চৰকাৰক সমাজৰ প্ৰতি দায়বদ্ধতাৰে কাম কৰিবলৈ শক্তিশালী চেতনা প্ৰদান কৰা বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
উল্লেখযোগ্য যে,কৃষক নেতা অখিল গগৈৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সোণোৱালে অখিল গগৈৰ ন্যায় সম্পূৰ্ণ মহামান্য ন্যায়ালয়ৰ বিচাৰধীন বুলি কৈ অখিল গগৈৰ মুক্তিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কোনো হাত নাই বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৷
লগতে পঢ়কঃ ২৫ ফেব্ৰুৱাৰীত বটদ্ৰৱালৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ