নগাঁও,30 আগষ্ট: আপুনি জীৱনত বহুত বিয়া দেখিছে৷ মাৰ্চিদিজ, BMW নহলেও হোণ্ডা চিটি লৈ কইনা নিবলৈ অহা দৰা আপুনি দেখিছে ৷ তাৰ বাহিৰে গৰু গাড়ী, অ'টো, টেম্পো বাকী বাহন বিলাকৰ কথা নকলোৱেই যেনিবা ৷ কিন্তু ওৰেতো বাট আনৰ কোলাত দৰা উঠি অহা বিয়া দেখিছেনে ? যদি দেখা নাই তেনেহলে পলম নকৰি আমাৰ এই প্ৰতিবেদন চাওক ৷ নগাঁৱৰ লাওখোৱাৰ চাৰি নং ভুৰবন্ধাৰ পৰা কইনা নিবলৈ আনৰ কোলাত উঠি আহিল দৰা ৷
আচলতে শেহতীয়াকৈ অহা ভদীয়া বানেহে লগালে সকলো খেলিমেলি ৷ শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত হঠাৎ ছিঙি যায় লাওখোৱাৰ এটা কৃষি বান্ধ ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কৃষি বান্ধটো ছিঙি পেলোৱাৰ ফলত লাওখোৱাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ পৰে ৷ লগতে হঠাৎ অহা ভদীয়া বানে বুৰাই পেলাই লাওখোৱাৰ প্ৰায়সমূহ বাট পথ ৷ জলমগ্ন হয় বহু পৰিয়ালৰ ঘৰ বাৰী ৷ কিন্তু এই দিনটোতে বিয়াৰ তাৰিখ ঠিক হৈ আছিল মুক্তাৰ হুছেইনৰ বিয়া ৷
উপায়ন্তৰ হৈ এগৰাকী সহযোগীৰ কোলাত উঠি কইনা নিবলৈ আহিল দৰা মুক্তাৰ হুছেইন ৷ ভদীয়া বানৰ বাধাকো নেওচি অৱশেষত বিবাহ সম্পন্ন কৰিলে মুক্তাৰে ৷ একাঠু পানীৰ মাজেৰেই কইনাক নিলে দৰাপক্ষই ৷
লগতে পঢ়কঃ গুৱাহাটীত বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ