ETV Bharat / state

নিৰ্বাচনী বিধি সন্দৰ্ভত মৰিগাঁৱত নিৰ্বাচনী পৰ্যবেক্ষকৰ বৈঠক - assam election 2021

ৰাজনৈতিক দলৰ প্ৰাৰ্থী তথা প্ৰতিনিধি সকলৰ সৈতে মৰিগাঁৱত বৈঠকত বহিল নিৰ্বাচনী পৰ্যবেক্ষকৰ দল ৷ মৰিগাঁৱৰ তিনি বিধানসভা সমষ্টিৰ ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে দুই নিৰ্বাচনী পৰ্যবেক্ষক আৰু জিলা উপায়ুক্তৰ গুৰুত্বপূৰ্ণ বৈঠক ৷

election observer meeting with candidate and representatives of political parties
নিৰ্বাচনী বিধি সন্দৰ্ভত মৰিগাঁৱত নিৰ্বাচনী পৰ্যবেক্ষকৰ বৈঠক
author img

By

Published : Mar 19, 2021, 3:50 PM IST

মৰিগাঁও, 19 মাৰ্চ: সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে ৰাজ্যত জাৰি কৰা নিৰ্বাচনী আচৰণ বিধি সন্দৰ্ভত ৰাজনৈতিক দলৰ প্ৰাৰ্থী তথা প্ৰতিনিধি সকলক বিতংকৈ বুজাই দিয়াৰ উদ্দেশ্যে শুকুৰবাৰে মৰিগাঁৱত নিৰ্বাচনী পৰ্যবেক্ষকে এক বিশেষ বৈঠকৰ আয়োজন কৰে ৷ মূলতঃ মৰিগাঁৱৰ তিনিটা বিধানসভা সমষ্টিৰ ৰাজনৈতিক দলৰ প্ৰতিনিধি আৰু প্ৰাৰ্থীসকলৰ সৈতে দুই নিৰ্বাচনী পৰ্যবেক্ষক আৰু জিলা উপায়ুক্তই এই গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰে ৷

উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া সীমা ৰেখা ভূঁঞা (আইএএছ) ৰ সঞ্চালনাত 79 - জাগীৰোড বিধানসভা সমষ্টিৰ বাবে নিয়োজিত সাধাৰণ পৰ্যবেক্ষক দিপাঙ্কৰ চৌধুৰী (আইএএছ), 80 - মৰিগাঁও বিধানসভা সমষ্টি আৰু 81 - লাহৰীঘাট বিধানসভা সমষ্টিৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত সাধাৰণ পৰ্যবেক্ষক ড৹ কৈলাশ সিন্দে (আইএএছ) আৰু আৰক্ষী পৰ্যবেক্ষক ড৹ জয় বসন্ত ৰাও (আইপিএছ) য়ে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী তথা প্ৰতিনিধি সকলৰ সৈতে এক বৈঠকত মিলিত হয় ৷

বৈঠক খনত নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্বাচনী আচৰণ বিধিৰ ওপৰত ৰাজনৈতিক দলৰ প্ৰাৰ্থী তথা প্ৰতিনিধি সকলক বিতংভাৱে বুজাই দিয়া হয় ৷ শুকুৰবাৰৰ এই সভাত অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱা, অতিৰিক্ত উপায়ুক্ত হানিফ নুৰানী, অতিৰিক্ত উপায়ুক্ত অজিত কুমাৰ শৰ্মা, নিৰ্বাচনী বিষয়া দীপময় ঠাকুৰীয়া প্ৰমুখ্যে সহ-আয়ুক্ত আৰু সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত আছিল ৷

লগতে পঢ়ক: মৰিগাঁৱত অৰ্ধশতাধিকৰ যোগদান চিপিআই দলত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.