কৰিমগঞ্জ,17 জানুৱাৰী: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কৰিমগঞ্জতো শনিবাৰৰ পৰা আৰম্ভ হ'ল ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী ৷ জিলাখনৰ জিলা সদৰ আৰু পাথাৰকান্দি স্বাস্থ্য কেন্দ্ৰত প্ৰদান কৰা হৈছে এই ভেকচিন ৷ প্ৰথম পৰ্যায়ত জিলাখনৰ ৩,৩৪৮ গৰাকী স্বাস্থ্য কৰ্মীক ক'ভিড ভেকচিন প্ৰদান কৰা হ'ব যদিও, শনিবাৰে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ১০০ গৰাকী স্বাস্থ্য কৰ্মীক প্ৰদান কৰা হয় ক'ভিড ভেকচিন ৷
উল্লেখ্য যে, কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ৰ যুটিয়া স্বাস্থ্যসঞ্চালক গৰাকীয়ে প্ৰথমে এই ভেকচিন গ্ৰহণ কৰি ভেকচিন প্ৰদানৰ এই কাৰ্যসূচী উদ্ধোধন কৰে ৷ উদ্ধোধনী অনুস্থানত কৰিমগঞ্জ জিলা উপায়ুক্ত আনবামুথান এম পি উপস্থিত থাকে ৷
লগতে পঢ়ক: বোকাখাতটো আৰম্ভ হ'ল ক'ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া