ETV Bharat / state

Man Elephant conflict: বোকাজানত বন্যহস্তীৰ তাণ্ডৱ

author img

By

Published : May 17, 2022, 10:15 PM IST

বোকাজানত হাতী মানুহৰ সংঘাত (Man Elephant conflict in Bokajan) ৷ দিন দুপৰতে বন্যহস্তীৰ মুক্ত বিচৰণ ৷ কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি বন্যহস্তীয়ে চলালে তাণ্ডৱ ৷

man-elephant-conflict-in-bokajan
Man Elephant conflict : বোকাজানত বন্যহস্তীৰ তাণ্ডৱ

ডিফু, ১৭ মে': ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰায়েই সংঘটিত হৈ আহিছে বন্যহস্তীৰ ত্ৰাসৰ ঘটনা (Man Elephant conflict in Assam) । জনাঞ্চললৈ বন্যহস্তীৰ আগমন তথা পথাৰৰ শষ্য নষ্ট কৰাৰ লগতে ঘৰ বাৰী ভাঙি চলোৱা তাণ্ডৱত বাৰুকৈয়ে বিপাঙত পৰি আহিছে ৰাইজ ৷ সম্প্ৰতি খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ ত্ৰাসত প্ৰায়ে উজাগৰী নিশা কটাবলগীয়া হৈছে ৰাইজে ৷

এইবাৰ বোকাজানত ঘৰ-দুৱাৰ ভাঙি বন্যহস্তীয়ে চলালে তাণ্ডৱ (Man Elephant conflict in Bokajan)৷ বোকাজানত আৰক্ষী চকীৰ অন্তৰ্গত মাজগাঁৱত পুৱতি নিশা বন্যহস্তীৰ জাকে কেইবাটাও বাসগৃহ ভঙাৰ উপৰিও সেই অঞ্চলৰ ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি চুৰমাৰ কৰি ৰাইজৰ বহু সা-সম্পত্তিৰ ক্ষতিসাধন কৰে ।

Man Elephant conflict in Bokajan

উল্লেখ্য যে, বিগত কিছুদিন ধৰি এই বন্যহস্তীৰ জাকটোৱে বোকাজানৰ বিভিন্ন অঞ্চলত ধাৰাবাহিকভাৱে ৰাইজৰ অনিষ্ট সাধন কৰি অহাৰ উপৰিও দাৰুগা বাগান অঞ্চলত হাতীৰ আক্ৰমণৰ ফলত এগৰাকী মহিলা আৰু এটি কণমানিয়ে কৰুণ মৃত্যুক সাৱটিবলগীয়া হয় (Wild Elephant killed mother and child) ।

সোমবাৰে পুনৰ ঘৰীয়ালদুবিৰ মাজগাঁৱত বন্যহস্তীৰ জাকটোৱে এটি পৰিয়ালৰ দোকান ভাঙি লণ্ড ভণ্ড কৰাৰ উপৰিও পকী ৱাল ভাঙি পেলায় । প্ৰতিদিনে এনেদৰে বন্যহস্তীৰ জাকে গঞা ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰি আহিছে যদিও এই ক্ষেত্ৰত বনবিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

লগতে পঢ়ক : Man Elephant conflict : বাক্সাত বন্যহস্তীৰ আক্ৰমণত নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.