ডিফু, 29 ফেব্ৰুৱাৰীঃ নথেংপিৰ আৰ্হিৰে কাৰ্বি জনগোষ্ঠীয় প্ৰাসাদ ৷ ৰংমিলিৰ দেশত সাংস্কৃতিক সমন্বয়ৰ বিজয় ধ্বজা, বৰ্ণময় তাৰালাংছ'ৰ বাকৰি ৷ পিনি, পেককৰ খমখমনিত মুখৰিত চৌদিশ ৷ সৰু বৰ পাহাৰৰ মনোৰম প্ৰাকৃতিক আৰু নৈসৰ্গিক পৰিৱেশৰ মাজতে, মন পৰশা উতলা ফাগুনৰ সেমেকা বতাহত, ন কইনাৰ ৰূপত উদ্ভাসিত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি আৰু অন্যতম জনজাতি কাৰ্বি সকলৰ ৪৬ সংখ্যক যুৱ মহোৎসৱ ৷
৮২৭ বিঘাৰ বৃহৎ ভূমি ক্ষেত্ৰৰে আৱৰা তাৰালাংছ'ৰ বৃহৎ বাকৰিত উদ্ভাসিত, কাৰ্বি পৰম্পৰাগত লোক-কৃষ্টিৰ অমিয়া সুবাস ৷ ১৯৭৪ চনৰ পৰা ধাৰাবাহিকভাৱে অনুষ্ঠিত হৈ অহা এই যুৱ মহোৎসৱটি পূৰ্বোত্তৰৰ অন্যতম শ্ৰেষ্ঠ আৰু পুৰণি যুৱ মহোৎসৱ ৷ প্ৰতি বছৰে এই উৎসৱ পালন কৰি অহা হৈছে যদিও এইবাৰ কিছু ব্যতিক্ৰমী পদক্ষেপ আৰু উন্নয়ন পৰিলক্ষিত হয় এই মহোৎসৱত ৷ প্ৰায় 1 কোটি 20 লাখ টকাৰ বাজেটেৰে অনুষ্ঠিত এইবেলিৰ কাৰ্বি মহোৎসৱৰ বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে সাজি তোলা হৈছে, কাৰ্বি মহিলাৰ কাণত পিন্ধা অলংকাৰ, নথেংপিৰ আৰ্হিৰে 70 ফুট উচ্চতাৰ এটি সুসজ্জিত স্থায়ী প্ৰাসাদ ৷ যিটো বৰ্তমান আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সকলোৰে বাবে ৷ কেৱল এয়াই নহয়, এইবেলি দৰ্শনাৰ্থীৰ বাবে হেলিকপ্টাৰেৰে উৎসৱ পৰিদৰ্শনৰো ব্যৱস্থা কৰা হৈছে ৷
এই উৎসৱটিৰ জৰিয়তে পৰম্পৰাগত লোক সংস্কৃতিৰ উন্নয়ন, বিকাশ আৰু সংবৰ্দ্ধনৰ বাবে কাৰ্বি পিপ'লছ হলছ তাৰালাংচ, প্ৰতিবছৰে আধুনিকৰ পৰা আধুনিকতম ৰূপ দিয়াৰ প্ৰয়াস কৰাৰ লগতে উন্নয়নৰো কিছু বাট মোকলাইছে ডিফু চহৰখনলৈ ৷ এই উৎসৱৰ বাবেই এতিয়া ফ'ৰ লেনযুক্ত হৈছে তাৰালাংচলৈ যোৱা পথসমূহ, ব্যৱস্থা কৰা হৈছে সৌৰচালিত ষ্ট্ৰীট লাইটৰ ৷ ইয়াৰোপৰি পৰ্যটনস্থলীলৈ পৰ্যৱেশিত কৰা হ'ব নথেংপিৰ আৰ্হিৰে নিৰ্মিত স্থায়ী প্ৰাসাদ ৷ যাৰ দ্বাৰা জিলাখনলৈ যথেষ্ট পৰিমাণে ৰাজহ সংগ্ৰহ হ'ব বুলি আশাবাদী অঞ্চলবাসী ৷