ETV Bharat / state

প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ ডিফুত সপৰিয়ালে বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত

author img

By

Published : Aug 20, 2021, 8:12 AM IST

Updated : Aug 20, 2021, 10:36 PM IST

কাৰ্বি আংলঙৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ ডিফুত সপৰিয়ালে উপস্থিত হয় বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৷ বৃহস্পতিবাৰে জিলাখনৰ কেইবাটাও ঠাইত উপস্থিত হৈ পাহাৰীয়া জিলাখনৰ কেইবাটাও সুন্দৰ স্থান উপভোগ কৰি বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত গৰাকীয়ে ডিফুৰ আৱৰ্ত ভৱনত নিশা কটায় ৷

BANGLADESH ASST. HIGH COMMISSIONER VISIT KARBI ANGLONG ETV BHARAT ASSAM NEWS
ডিফুত সপৰিয়ালে বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত

ডিফু, 20 আগষ্ট : কাৰ্বি আংলঙৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ বৃহস্পতিবাৰে পাহাৰীয়া জিলাখনৰ সদৰ চহৰ ডিফুত উপস্থিত হৈছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্ত ড৹ শ্বাহ মহম্মদ তানবিৰ মনচুৰি ৷ চিৰ সেউজ কাৰ্বি আংলঙৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি মোহিত হৈ পৰিছে বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত গৰাকীয়ে ৷

উল্লেখযোগ্য যে, হোজাইস্থিত ৰবিন্দ্ৰনাথ ঠাকুৰ বিশ্বদ্যালয় দৰ্শনৰ বাবে অহা উচ্চায়ুক্ত গৰাকীয়ে কাৰ্বি আংলঙৰ বাবে স্থলপথেৰে ডিফুত উপস্থিত হয়হি ৷ ডিফু আৱৰ্ত ভৱনত বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্ত গৰাকীক পৰিয়াল সহ উষ্ম আদৰণি জনায় কাৰ্বি আংলং জিলাৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্ত ক্ৰমে, চন্দ্ৰধ্বজ সিনহা আৰু খালেদা চুলতানাই ৷

লগত পঢ়কঃ গুৱাহাটীৰ ৰাজীৱ ভৱনত ৰাজীৱ গান্ধীৰ 77 সংখ্যক জন্ম দিৱস উদযাপন

সংবাদ মাধ্যমৰ আগত বাংলাদেশৰ কুটনীতিবিধ গৰাকীয়ে জিলাখনত উপস্থিত হৈ পূৰ্বৰে পৰা শুনি অহা ইয়াৰ জলপ্ৰপাতকে ধৰি চিৰ সেউজ পাহাৰীয়া জিলাখনৰ নান্দনিক পৰিৱেশৰ দেখি মুগ্ধ হৈ পৰা বুলি জনায় ৷

ঘৰ-দুৱাৰ, অফিচ আদালত, দোকান, বজাৰ খাদ্যভাষ আদি ক্ষেত্ৰত বাংলাদেশ আৰু অসমৰ বিশেষ কোনো পাৰ্থক্য নাই বুলি মন্তব্য কৰে বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত গৰাকীয়ে ৷

অৱশ্যে বাংলাদেশৰ তুলনাত অসমৰ জনসংখ্যা তেনেই কম বুলি সহকাৰী উচ্চায়ুক্ত গৰাকীয়ে উল্লেখ কৰে ৷ বৃহস্পতিবাৰে পাহাৰীয়া জিলাখনৰ কেইবাটাও সুন্দৰ স্থান উপভোগ কৰি বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত গৰাকীয়ে ডিফুৰ আৱৰ্ত ভৱনত নিশাটো কটোৱাৰ পিছত শুকুৰবাৰে পুনৰ কাৰ্বি আংলঙৰ বিশেষ প্ৰাকৃতিক পৰিৱেশ থকা ঠাইবোৰ দৰ্শন কৰাৰ লগতে পুনৰ হোজাই জিলালৈ যাব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:ভাৰতীয় বায়ু সেনাৰ ফ্লায়িং অফিচাৰৰ ৰূপত এগৰাকী অসম জীয়ৰী

Last Updated : Aug 20, 2021, 10:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.