গোলাঘাট : নৱবৰ্ষ উদযাপনত ব্যস্ত সকলো । তাৰ মাজতে গোলাঘাটত ভয়ংকৰ ঘটনা । সামান্য কাজিয়াৰ বাবেই মেৰাপানীত এগৰাকী মহিলাক হত্যাৰ অভিযোগ । আৰক্ষীয়ে ইতিমধ্যে ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে ।
সামান্য কাজিয়াৰ বাবে মহিলাৰ মৃত্যু !
চোতালত নৱবৰ্ষৰ ভোজ-ভাতৰ আয়োজন আৰু তাৰ মাজতে সংঘটিত হয় হত্যাকাণ্ড ! নৱবৰ্ষৰ প্ৰথমটো নিশাই মেৰাপানীৰ ২ নং গমাৰি গাঁৱত সংঘটিত হয় এই ৰহস্যজনক হত্যাকাণ্ডটো । জানিব পৰা মতে গাঁওখনৰ দুলু দাস নামৰ মহিলাগৰাকীৰ চোতালত একাংশ যুৱকে নৱবৰ্ষৰ ভোজভাত খাই থকাৰ সময়তে কাজিয়াৰ সূত্ৰপাত হৈছিল । পিছত কাজিয়াত লিপ্ত হোৱা এজন যুৱকৰ পিতৃ হঠাতে ঘটনাস্থলীত উপস্থিত হৈ ঘৰখনৰ গৰাকী দুলু দাসক আক্ৰমণ কৰে । পুত্ৰই আঘাতপ্ৰাপ্ত মাতৃক ঘৰতে সামান্য পৰিচৰ্যা কৰে যদিও নিশালৈ দুলু দাসৰ মৃত্যু হয় । মৃত মহিলাগৰাকীৰ পুত্ৰ প্ৰাঞ্জল দাসে কৰা অভিযোগ অনুসৰি লোকজনৰ আক্ৰমণৰ বাবে তেওঁৰ মাতৃৰ মৃত্যু হয় ।
কেনেদৰে সংঘটিত হ'ল ঘটনা ?
প্ৰাঞ্জল দাসে কয়, "বুধবাৰে নিশা আমি ইয়াত ভোজ-ভাত খাই আছিলোঁ । সেই সময়ত ওচৰৰে দুজন যুৱকে মাৰপিট কৰি আছিল । তাক দেখি মোৰ মায়ে ক'লে ইয়াত মাৰপিট নকৰিবি আৰু তাৰ পাছতে যুৱক দুজনে উক্ত স্থানৰ পৰা আঁতৰি যায় । পিছত এজন যুৱকে তেওঁৰ পিতৃক সকলো কথা অৱগত কৰে । তাৰ পাছতে মাধৱ বৰুৱা নামৰ লোকজনে সেই স্থানত উপস্থিত হৈ মোৰ মাতৃক গতিয়াই দিয়াৰ ফলত তেওঁ বাগৰি পৰে । তাৰ পাছতে মই মোৰ মাতৃক ঘৰতে অলপ প্ৰাথমিক চিকিৎসা কৰি নিশা শুই থাকো । কিন্তু আজি মই কামলৈ ওলাই যোৱাৰ পাছত মোৰ পত্নীয়ে ফোন কৰি ক'লে যে মা আৰু নাই ।"
প্ৰাঞ্জল দাসে লগতে কয়, "মোৰ মাতৃক হত্যা কৰাৰ উদ্দেশ্যে গতিয়াইছিল মাধৱ বৰুৱাই ৷ কিয়নো উক্ত স্থানত ৩০ ৰ পৰা ৪০ জন লোক আছিল ৷ কিন্তু কাকো একো নোকোৱাকৈ মোৰ মাক মাৰিলে । বেলেগ স্থানত ভোজ-ভাত খাবলৈ গ'লে কাজিয়া হয় বুলিয়ে পৰিয়ালৰ সৈতে নিজৰ চোতালতে ভোজ-ভাত খাইছিলো । ইয়াৰ উপৰিও আজি আৰক্ষীক অৱগত কৰিছোঁ, কিয়নো এইটো এটা হত্যাকাণ্ড ।"
আনহাতে পুত্ৰ প্ৰাঞ্জল দাসৰ এজাহাৰৰ ভিত্তিত মেৰাপানী আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । ইফালে সমগ্র ঘটনাটো সুৰাৰ বাবেই সংঘটিত হোৱা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক :হঠাৎ বাটৰ পৰা কেনেকৈ নোহোৱা হৈছে গৰাকীবিহীন কুকুৰবোৰ ? কোনে নিছে ? - OWNERLESS DOGS IN TEZPUR