ETV Bharat / state

হঠাৎ বাটৰ পৰা কেনেকৈ নোহোৱা হৈছে গৰাকীবিহীন কুকুৰবোৰ ? কোনে নিছে ? - OWNERLESS DOGS IN TEZPUR

পদপথৰ কুকুৰ অন্তৰ্ধান হোৱাৰ খবৰে চিন্তিত কৰিছে তেজপুৰ প্ৰকৃতিপ্ৰেমী সংগঠন 'উই এনিমেল'ক । তেজপুৰত হঠাতে অন্তৰ্ধান হৈছে গৰাকীবিহীন কুকুৰ ।

Ownerless dog disappears from footpath in Tezpur
হঠাৎ নোহোৱা হৈছে গৰাকীবিহীন কুকুৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 2, 2025, 4:19 PM IST

তেজপুৰ: তেজপুৰৰ পদপথত ঘূৰি ফুৰা গৰাকীবিহীন কুকুৰৰ অজ্ঞাত লোকে চোৰাং সৰবৰাহ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে । তেজপুৰৰ প্ৰায়বোৰ অঞ্চলতেই এনে গৰাকীবিহীন কুকুৰৰ একোটা দল থকাটো এটা সহজলভ্য দৃশ্য । আনহাতে এনেবোৰ গৰাকীবিহীন কুকুৰক খাদ্যৰ লগতে অসুস্থ হৈ পৰিলে প্ৰয়োজনীয় শুশ্ৰূষা তথা চিকিৎসাৰ ব্যৱস্থা কৰি আহিছে তেজপুৰৰ উই এনিমেল নামৰ সংস্থা এটাই ।

তেজপুৰ চহৰৰ স্থানীয় একাংশ জীৱ-জন্তুপ্ৰেমী যুৱক-যুৱতীৰ দ্বাৰা গঢ় লোৱা এই সংস্থাটোত প্ৰায় ২৫ জন সদস্য-সদস্যা আছে আৰু তেওঁলোকে ভাগে ভাগে নিজা দায়িত্ব পালন কৰি আহিছে । সংস্থাটোৰ শুভাকাংক্ষী হিচাপেও চহৰখনৰ একাংশ লোক জড়িত হৈ আছে উই এনিমেলৰ স’তে । বিগত প্ৰায় পাঁচবছৰে গৰাকীবিহীন পদপথৰ কুকুৰৰ বাবে খাদ্য তথা অন্যান্য সেৱা আগবঢ়াই অহা এই সংস্থাটোৱে তেজপুৰ চহৰৰ লগতে নিকটৱৰ্তী চানমাৰী ৰে’লগে’টকে ধৰি একাধিক স্থানত গৰাকীবিহীন কুকুৰৰ বাবে খাদ্যৰ বেংকো স্থাপন কৰিছিল ।

কৰ’ণা কালত এই সংখ্যা যথেষ্ট বৃদ্ধি পাইছিল । সেই সময়ত তেজপুৰৰ চহৰৰ লগতে মিছন চাৰিআলি, পৰোৱা, মাজগাঁও, ৰবৰবাগান, হজৰাপাৰ, লালমাটি, দেৱীসিং ঘাট আদিত গৰাকীবিহীন কুকুৰক খাদ্য যোগান ধৰে এই উই এনিমেলে । যোৱা সময়ছোৱাত সংস্থাটোৱে নিয়মীয়াকৈ এই কাম কৰি গৈছে । উল্লেখযোগ্য যে বৰ্তমান চানমাৰী ৰে’লগেট, হজৰাপাৰ, লালমাটি আৰু দেৱীসিং ঘাটত গৰাকীবিহীন কুকুৰক খাদ্য যোগান ধৰি আহিছে উই এনিমেলৰ অপৰূপা শৰ্মা আৰু মেধাবী পাণ্ডেই ।

তেওঁলোকে কেতবোৰ স্থানত সপ্তাহৰ তিনিদিন আৰু কেতবোৰ স্থানত দৈনিক এইদৰে খাদ্য যোগান ধৰি আহিছে । দৈনিক নিজৰ ঘৰত এনে কুকুৰৰ বাবে খাদ্য ৰান্ধি ঠায়ে ঠায়ে গৈ কুকুৰক সেই খাদ্য খুৱাই অপৰূপা আৰু তেওঁৰ সতীৰ্থসকলে । কিন্তু যোৱা লোকসভা নিৰ্বাচনৰ সময়ৰ পৰাই অঞ্চলবোৰত থকা গৰাকীবিহীন কুকুৰৰ সংখ্যা হ্ৰাস পোৱাটো চকুত পৰে উই এনিমেলৰ কৰ্মকৰ্তাসকলৰ ।

এটা নিশাৰ ভিতৰতে পাঁচ-ছটাকৈ কুকুৰৰ সংখ্যা হ্ৰাস পোৱাৰ বিষয়টোক লৈ চিন্তিত হৈ পৰা উই এনিমেলৰ সদস্যসকলে তেজপুৰ সদৰ আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰে । এইদৰে কেৱল মাংসৰ বাবেই কুকুৰ সৰবৰাহ হোৱাৰো আশংকা কৰিছে সংস্থাটোৱে । কেৱল সিমানেই নহয়, উই এনিমেলে নিজাববীয়াকৈ চলোৱা অনুসন্ধানত ইয়াৰ সৈতে জড়িত লোকৰ বিষয়েও সম্ভেদ লাভ কৰে আৰু সেই বিষয়েও আৰক্ষীক অৱগত কৰা হয় বুলি জানিবলৈ দিয়ে ।

কিন্তু নিৰ্বাচনকেন্দ্ৰিক পৰিস্থিতিৰ বাবে বিষয়টোৰ প্ৰতি কোনো গুৰুত্ব আৰোপ নকৰিলে তেজপুৰ আৰক্ষীয়ে । এনে পৰিস্থিতিৰ মাজতে বিভিন্ন অঞ্চলত পূৰ্বে থকাৰ তুলনাত এতিয়া গৰাকীবিহীন কুকুৰৰ সংখ্যা ক্ৰমান্বয়ে অধিক পৰিমাণে হ্ৰাস পাইছে । উই এনিমেলৰ হৈ অপৰূপা আৰু মেধাবীয়ে কয়- "তেজপুৰ হজৰাপাৰ অঞ্চলৰ পৰা দেৱীসিং ঘাটলৈকে প্ৰায় ৭০ টা কুকুৰক দুদিন পূৰ্বলৈকে আমি খাদ্য যোগান ধৰি আহিছো । কিন্তু মাজৰ দুদিনতে এই সংখ্যা প্ৰায় ৫৫টালৈ হ্ৰাস পালে ।"

কেবাবছৰৰ ধৰি পাই থকা কুকুৰবোৰৰ নামকৰণো কৰা অপৰূপাহঁতে কয়, "একোটা কুকুৰৰ তিনিটা প্ৰজন্মলৈকে আমি পাইছোঁ । কোনো কাৰণত এনে কুকুৰৰ মৃত্যু হ’লে সেয়াও আমাৰ হিচাপ থাকে । কিন্তু অস্বাভাৱিকভাৱে এই গৰাকীবিহীন কুকুৰৰ সংখ্যা হ্ৰাস পোৱাটোৱে তেজপুৰত এই কুকুৰবোৰৰ চোৰাং সৰবৰাহ অব্যাহত থকা বুলিয়ে প্ৰতিপন্ন হৈছে ।"

পৃথিৱীত প্ৰতিটো জীৱৰে জীয়াই থকাৰ অধিকাৰ আছে বুলি উল্লেখ কৰি অপৰূপাই কয়, "বহু সময়ত দুৰ্ঘটনা, বিষাক্ত খাদ্য ভক্ষণ কৰিও কুকুৰৰ মৃত্যু ঘটে । কিন্তু এইদৰে অদৃশ্য হৈ পৰা কুকুৰ কোনো লোকে পোহাৰ সলনি চোৰাংভাৱে সৰবৰাহ কৰা কাৰ্য প্ৰতিৰোধৰ বাবে আৰক্ষীয়ে গুৰুত্ব দিয়া উচিত ।" ইতিমধ্যে ৰাজ্যৰ দৰং জিলাকে ধৰি আন একাধিক জিলাত এইক্ষেত্ৰত আৰক্ষী সক্ৰিয় হৈ এনে চোৰাং সৰবৰাহকাৰীক কৰায়ত্ত কৰিছে যদিও তেজপুৰ তথা শোণিতপুৰত সেয়া হোৱা নাই বুলিও কয় উই এনিমেলৰ কৰ্মকৰ্তাসকলে ।

লগতে পঢ়ক: বিপণিত হেঁপাহৰ গ্ৰন্থখন বিচাৰি গ্ৰন্থপ্ৰেমীৰ ভিৰ - ASSAM BOOK FAIR

কমাৰশালৰ জুইত জ্বলি নিজৰ পৰিচয় গঢ়া বিখ্যাত কৰঙালৈ বুলি আজিৰ যাত্ৰা... - KORONGA VILLAGE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.