ETV Bharat / lifestyle

শীতকালত গৰম গাখীৰৰ সৈতে খেজুৰ খোৱাৰ এই আচৰিত উপকাৰিতা জানি লওক - WINTER HEALTH CARE

শীতকালত আমি বিভিন্ন ৰোগৰ পৰা বাচি থাকিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ থকাটো খুবেই জৰুৰী সেয়ে এই ক্ষেত্ৰত আপোনাক গৰম গাখীৰ আৰু খেজুৰ কৰিব সহায়-

The Surprising Benefits of Drinking Hot Milk with Dates
শীতকালত গৰম গাখীৰৰ সৈতে খেজুৰ খোৱাৰ এই আচৰিত উপকাৰিতা জানি লওক (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Jan 2, 2025, 5:15 PM IST

Benefits of Mixing Dates with Milk: শীতকালত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ ৷ নহ’লে আপুনি বাৰে বাৰে অসুস্থ হ’ব পাৰে ৷ যদি আপুনি আপোনাৰ স্বাস্থ্য শক্তিশালী ৰাখিব বিচাৰে, তেন্তে আপুনি গৰম গাখীৰৰ সৈতে খেজুৰ খোৱা আৰম্ভ কৰা উচিত ৷ গৰম গাখীৰ আৰু খেজুৰ দুয়োটাতে পোৱা সকলো পুষ্টিকৰ উপাদান আপোনাৰ স্বাস্থ্যৰ বাবে আশীৰ্বাদ হিচাপে প্ৰমাণিত হ’ব পাৰে ৷ এই সংমিশ্ৰণটোৰ কিছুমান আশ্চৰ্যকৰ লাভালাভৰ বিষয়ে জানো আহক-

  • শীতকালত প্ৰায়ে পেটৰ সমস্যা বৃদ্ধি হয় ৷ যদি আপুনি গেছ, কোষ্ঠকাঠিন্য আৰু এচিডিটিৰ দৰে পেটৰ সমস্যাৰ পৰাও পৰিত্ৰাণ পাব বিচাৰে, তেনেহ’লে একেলগে খেজুৰ আৰু গৰম গাখীৰ খোৱাটো উপকাৰী প্ৰমাণিত হ’ব পাৰে ৷ গাখীৰত ফাইবাৰ সমৃদ্ধ খেজুৰ খালে আপোনাৰ অন্ত্ৰৰ স্বাস্থ্য যথেষ্ট পৰিমাণে উন্নত হ’ব পাৰে ৷
  • কেলচিয়াম আৰু প্ৰ’টিন সমৃদ্ধ খেজুৰ আৰু গাখীৰে হাড় যথেষ্ট পৰিমাণে শক্তিশালী কৰিব পাৰে ৷ যদি আপুনি গাঁঠিৰ বিষৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, তেন্তে আপুনি এই মিশ্ৰণটো চেষ্টা কৰিবই লাগিব ৷ গৰম গাখীৰ আৰু খেজুৰ মগজুৰ স্বাস্থ্যৰ বাবে ও যথেষ্ট উপকাৰী প্ৰমাণিত হ’ব পাৰে ৷
  • যদি আপুনি খেজুৰ আৰু গৰম গাখীৰ একেলগে খাই, আপুনি অনিদ্ৰাৰ সমস্যাৰ পৰাও পৰিত্ৰাণ পাব পাৰে ৷ প্ৰকৃততে, এই মিশ্ৰণত পোৱা সকলো উপাদান আপোনাৰ মনক শিথিল কৰাত সহায়ক প্ৰমাণিত হ’ব পাৰে ৷
  • সামগ্ৰিকভাৱে, আপুনি গৰম গাখীৰৰ সৈতে খেজুৰ খাই শক্তিশালী হ’ব পাৰে ৷ সেয়েহে, আপুনি প্ৰতিদিনে এগিলাচ গৰম গাখীৰত খেজুৰ খোৱা আৰম্ভ কৰিব পাৰে ৷

গৰম গাখীৰৰ সৈতে খেজুৰ খোৱাৰ অন্য উপকাৰিতাসমূহ জানো আহক-

  1. মাংসপেশীবোৰে শক্তি লাভ কৰে
  2. যৌন স্বাস্থ্যৰ উন্নতি সাধন হয়
  3. শৰীৰত শক্তিৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পায়
  4. ৰক্তহীনতাৰ বাবে সৰ্বোত্তম চিকিৎসা
  5. হজম ক্ৰিয়া উন্নত কৰাত সহায় কৰে
  6. স্মৃতিশক্তি উন্নত কৰাত সহায় কৰে
  7. গাঁঠিৰ বিষ নাইকিয়া কৰেট

উৎস:-https://scialert.net/fulltext/?doi=ajft.2010.22.30

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক

  1. শীতকালত খেজুৰ খোৱাৰ উপকাৰিতা জানেনে ?
  2. প্ৰতিদিনে খেজুৰ খালে পাব আচৰিত লাভ: বিশেষকৈ পুৰুষৰ বাবে...
  3. জিমলৈ যোৱাৰ প্ৰয়োজন নাই, দামী ঔষধৰো খৰচ নাই : আজিয়েই খাবলৈ আৰম্ভ কৰক এইবিধ শুকান ফল - Dried Dates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.