গুৱাহাটী: জনজীৱন বিপন্ন কৰি গুৱাহাটীৰ খাৰঘূলিত পুনৰ জলবিস্ফোৰণ । জাইকাৰ পানীৰ পাইপ ফাটি বৃহস্পতিবাৰে আগবেলা সৃষ্টি হয় হাহাকাৰ পৰিৱেশৰ । অথলে গ’ল মুখ্যমন্ত্ৰী, মন্ত্ৰীৰ প্ৰতিশ্ৰুতি ৷ অথলে গ’ল আই আই টি গুৱাহাটীৰ পৰামৰ্শ লোৱা প্ৰক্ৰিয়া ।
গুৱাহাটী জল বোৰ্ডৰ পানী যোগান ব্যৱস্থাৰ ওচৰত মূল্যহীন যেন হৈ পৰিছে মহানগৰীৰ নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা । ২০-৫০ ফুট পৰ্যন্ত উঠিল পানীৰ ফোঁৱাৰা ।
খাৰঘূলিৰ এই জলবিস্ফোৰণত নিমিষতে ধ্বংসস্তুপত পৰিণত হ’ল কেইবাটাও বাসগৃহ আৰু কেইবাখনো দোকান ৷ খাৰঘূলিৰ নামঘৰ চ’কৰ সমীপৰ জজ কলনীৰ সন্মুখত বৃহস্পতিবাৰে পুৱা প্ৰায় ৯-৪৫ মিনিটত ঘটে এই অঘটন । কথমপি প্ৰাণৰক্ষা পৰে প্ৰচণ্ড পানীৰ সোঁতত উটি যোৱা এটি ডেৰ বছৰীয়া শিশুৰ । চকুৰ পানীৰে বাট নোহোৱা হৈছে ক্ষতিগ্ৰস্তৰ ।
পুৱা দৈনন্দিন কামকাজলৈ, কোনোবা ঘৰৰ পৰা ওলাই যাবলৈ সাজু হৈছে, কোনোবাজনে আকৌ নিজৰ দোকান বা ব্যৱসায় প্ৰতিষ্ঠান খুলিছিলহে মাত্ৰ । তেতিয়াই ঘটিল এই অঘটন । এই জলবিস্ফোৰণত জলমগ্ন হৈ পৰা অঞ্চলটোত ৫ খনকৈ দোকানৰ লগতে কেইবাটাও বাসগৃহ ক্ষতিগ্ৰস্ত হয় । জলবিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে পথৰ কাষৰ ১০ ফুট উচ্চতাৰ ঘৰৰ দেৱাল ভাঙি পৰে মুহূৰ্ততে ৷ মুহূৰ্ততে দেৱালৰ লগতে ভাঙি পৰে এটা সম্পূৰ্ণ বাসগৃহ । ছেদেলি-ভেদেলি হৈ পৰে সা-সম্পত্তি ৷ বিস্ফোৰিত জলপ্ৰৱাহে উটুৱাই লৈ যায় কেইবাখনো মটৰ চাইকেল, অটোৰিক্সা, ৰিক্সা আদি যান-বাহন ৷ বৰ্তমানলৈকে ক্ষয়-ক্ষতিৰ হিচাপ হোৱা নাই যদিও স্থানীয় লোকৰ দাবী- ৫০/৬০ লাখ টকাৰ ক্ষতি হৈছে জাইকাসৃষ্ট এই জল বিস্ফোৰণত ।
“মই এতিয়া থাকিম ক’ত ? খাম কি ? সামান্য এখন দোকান দি চলি আছিলো । পানী মিনিটৰ ভিতৰতে একঁকাললৈ গৈছিল । ঘৰত থকা ৫ বছৰীয়া এটা নাতি কিবাকৈ বাচিছে । মোৰ উপায় নোহোৱা হৈছে । তিনিটা ল’ৰা-ছোৱালীৰে কিবা কৰি খাই আছিলো ।”— আগফালে দোকান আৰু দোকানৰ পিছফালে সৰু ঘৰ সাজি খাৰঘূলিত বসবাস কৰি অহা জ্যেষ্ঠ নাগৰিক ফাগুণী ডেকাই জলবিস্ফোৰণত সৰ্বস্ব হেৰুৱাই শোকত ভাগি পৰিল এইদৰে ।
কিদৰে ৰক্ষা পৰিল ডেৰ বছৰীয়া শিশু :
পানীৰ পাইপৰ ভয়ংকৰভাৱে বিস্ফোৰণ হোৱা ৰাস্তাটোৰ আনপাৰে এখন দোকান দি পৰিয়ালটো স্বামীৰ সৈতে পোহপাল দি আহিছিল তেনেই কম বয়সীয়া এগৰাকী ডেৰ বছৰীয়া সন্তানৰ মাতৃয়ে । দোকানৰ পিছফালেই সৰু সৰু দুটা কোঠাৰ ঘৰ ৷ পুৱা ঘৰত ডেৰ বছৰীয়া সন্তানক শুৱাই থৈ দোকানখন খোলোতেই নিমিষতে গোটেই দোকান-ঘৰ জলবিস্ফোৰণে তচনচ কৰি পেলালে । পানীত উটি গ’ল কণমানি শিশুটি । সন্তান বিচাৰি মাতৃগৰাকীৰ লগতে পৰিয়ালৰ মাজত হাহাকাৰ লাগিল । অৱশেষত শিশুটিৰ মাতৃয়ে উটি গৈ থাকোতেই উদ্ধাৰ কৰে শিশুটিক ৷ মাতৃগৰাকীয়ে এই কথাৰ বৰ্ণনা কৰিলে এইদৰে, “মই দোকানত আছিলো, মোৰ বাচ্চাটো শুই আছিল ৷ পানীৰ প্ৰেছাৰ ইমানেই বেছি আছিল যে মোৰ বাচ্চাটো উটি গৈছিল ৷ মই আৰু দাদাই কোনোমতে বাচ্চাটো বচালো ৷”
জলবিস্ফোৰণত পকী ৰাস্তাৰ বৃহৎ চপৰা আহি টিন ফুটি পৰিছিলহি শুই থকা শিশুটিৰ কাষত ৷ ভাগি-ছিগি যোৱা কোঠাটোৰ বেৰত ওলমি আছিল দেৱী দুৰ্গাৰ এখন ফটো, কাষতে পৰি আছিল পকী ৰাস্তাৰ টুকুৰা ৷
পানীত উটি গ’ল অৱসৰৰ সাচতীয়া ৯ লাখ টকা :
এই শক্তিশালী পানীৰ পাইপৰ বিস্ফোৰণত চুৰ্চুমৈ হ’ল প্ৰায় ২০ ফুট দূৰত থকা এটা কাৰ ৱাচিং চেণ্টাৰ ৷ কেইমাহমান আগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা নিম্নবৰ্গৰ এজন কৰ্মচাৰীয়ে অৱসৰকালীন সাঁচতীয়া ৯ লাখ টকাৰে মাত্ৰ এমাহমান পূৰ্বে আৰম্ভ কৰিছিল এইখন কাৰ ৱাচিং চেণ্টাৰ ৷ জলবোৰ্ডৰ পাইপৰ বিস্ফোৰণে উটুৱাই লৈ গ’ল এই লোকজনৰ জীৱনৰ সমস্ত সাঁচতীয়া ধনৰ বিনিয়োগ ৷ লোকজনৰ পুত্ৰই এই প্ৰসংগত ক’লে, “ইযাৰ বাবে দায়ী জাইকা । দেউতাই ৰিটায়াৰ হৈ পেন্সনৰ গোটেইখিনি টকা ইয়াতেই লগাইছিল । ৯ লাখ টকা সোমাই আছিল ইয়াত । জাইকাই এই টকাৰ ক্ষতিপূৰণ আমাক অনতিপলমে দিয়ক । এয়া আমাৰ দাবী । নহ’লে আমি আইনৰ সহায় ল’ম ৷ আগতেও কেইবাটাও এনে ঘটনা ঘটিছে । মন্ত্ৰী-বিষয়া আহিব । মানুহক সান্ত্বনা দিব ৷ তাতেই কাম শেষ হয় তেওঁলোকৰ ।” তেওঁৰ মতে সমগ্ৰ ঘটনাটোত সকলো মিলি কমেও ৫০/৬০ লাখ টকাৰ ক্ষতি হৈছে।
জাইকাৰ পানী নালাগে, জীৱন আৰু সম্পত্তিৰ সুৰক্ষা লাগে :
পানীৰ পৰিৱৰ্তে জীৱনৰ সুৰক্ষাৰ লগতে ক্ষতিপূৰণ বিচাৰিলে আনৰ ঘৰত দৈনিক কাম কৰা এগৰাকী মহিলা মণি বৰ্মনে । ৰাস্তাৰ কাষৰ সৰু এটা ঘৰত আছিল মণি বৰ্মন ৷ মহিলাগৰাকীয়ে দিন-হাজিৰাৰ মজুৰীৰে টিনপাত-ইটাৰ দেৱালেৰে সাজিছিল এটি ঘৰ ৷ এওঁৰো থকা ঘৰটো উটুৱাই লৈ গ’ল এই ভয়ংকৰ জলবিস্ফোৰণে । মণি বৰ্মনৰ দাবী, “যোৱা বছৰ জয়পুৰত পানীৰ পাইপ ফুটি এগৰাকী মহিলাৰ মৃত্যু ঘটিছিল ৷ বহু সম্পত্তি ধ্বংস হৈছিল । আজি আকৌ একেই ঘটনা ঘটিল । সেয়ে চৰকাৰলৈ অনুৰোধ জনাও, আমাক জাইকাৰ পানী নালাগে । লাগে জীৱনৰ সুৰক্ষা ৷ লগতে আমাক ক্ষতিপূৰণ দি আমাক সকাহ দিয়ক ৷”
উল্লেখ্য যে, পানীৰ পাইপ ফুটি অঞ্চলটোত ছুনামী সদৃশ পৰিস্থিতি সৃষ্টি হোৱাৰ আধা ঘণ্টালৈকে জাইকা বা কোনো দায়িত্ববাহী লোক আহি ঘটনাস্থলীত উপস্থিত হোৱা নাছিল । আনহাতে ঘটনাস্থলীৰ কাষতেই আছিল পানী উত্তোলন কৰা আৰু পৰিশোধন কৰা প্ৰকল্প । ইয়াৰ পৰাই নিয়ন্ত্ৰিত হয় পানী পৰিশোধন কৰি পাইপেদি পঠিওৱা কাম । কিন্তু কোনেও আধা ঘণ্টালৈকে পাম্প বন্ধ নকৰাত স্থানীয় এগৰাকী মহিলাই বলপূৰ্বকভাৱে পানীৰ পাম্প বন্ধ কৰাত জলবিস্ফোৰণ শাম কাটে ৷ ঘটনাস্থলীত যথেষ্ট পলমকৈ উপস্থিত হয় UIIPৰ প্ৰজেক্ট ডাইৰেক্টৰৰ দায়িত্বত থকা পল্লৱ গোপাল ঝা ।
ঝাই এই প্ৰসংগত কয়, “মূল প্ৰকল্প ডিজাইনত পাইপৰ প্ৰেছাৰ গ্ৰহণ কৰাৰ বাবে চাৰ্জটেংক ডিজাইনটো নাছিল। যিটো আমি যোৱা বছৰ গুৱাহাটী আই আই টিৰ পৰা লৈছো ৷ যোৱাবাৰ ঘটনাটো ঘটোতে আমি ইয়াৰ কাৰণ চিনাক্ত কৰি বিশ্লেষণ কৰিছিলো ৷ যিটো ব্যৱস্থা ডিজাইনত নাছিল সেইটো আমি আনিবলৈ সময় লাগে । চাৰ্জটেংক ইনষ্ট’লেচনৰ প্ৰয়োজন আছিল। যিটো ইনষ্ট’ল হৈ গৈছে । প্ৰেছাৰবোৰ ঠিক মতে লৈ আছে নে নাই তাৰ পৰীক্ষা আৰু কাৰ্যক্ষম হোৱাটো আমি পৰীক্ষা কৰিব লাগিব ৷ ভৱিষ্যতে এনে ঘটনা যাতে নঘটে তাকেই আমি কামনা কৰো । অহা ৩ তাৰিখৰ পৰা তিনিদিনৰ বাবে প্ৰকল্পটো বন্ধ কৰি প্ৰেছাৰ পৰীক্ষা কৰাৰ কথা আছিল ৷ তাৰ আগতেই দুৰ্ভাগ্যজনকভাৱে এই দুৰ্ঘটনাটো ঘটিলে । এইটো তৃতীয়টো ডাঙৰ ঘটনা ।”
উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০২৩ চনৰ ২৬ মে’ত খাৰঘূলিত জাইকাৰ পানী পাইপ বিস্ফোৰণ হৈ এগৰাকী মহিলা নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছিল ৷
লগতে পঢ়ক: Water supply pipe burst: এইবাৰ নুনমাটিত জলবিস্ফোৰণ; আকৌ ফুটিল পানীৰ পাইপ