ETV Bharat / state

বসুন্ধৰা ৩.০ৰ প্ৰতি আগ্ৰহ নাই ৰাইজৰ: ১০ জানুৱাৰীলৈ বাঢ়িল আবেদনৰ সময়সীমা - BASUNDHARA 3 0

বসুন্ধৰাৰ পূৰ্বৰ দুয়োটা মিছনৰ জৰিয়তে লাভ কৰা অভিজ্ঞতাৰে আৰম্ভ কৰা বসুন্ধৰা ৩.০ কাৰ্যতঃ ফ্লপ হোৱাৰ দিশে গতি কৰিছে ।

BASUNDHARA 3.0
১০ জানুৱাৰীলৈ বৃদ্ধি কৰা হৈছে আবেদনৰ সময়সীমা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 2, 2025, 6:13 PM IST

গুৱাহাটী: ৰাজ্য চৰকাৰে বসুন্ধৰা ৩.০ ৰ আবেদনৰ সময়সীমা ১০ জানুৱাৰীলৈ বৃদ্ধি কৰিছে । এই সম্পৰ্কীয় অধিসূচনা চৰকাৰে ইতিমধ্যে জাৰি কৰিছে । আনহাতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মায়ো ১০ জানুৱাৰীলৈ বসুন্ধৰা ৩.০ত ৰাইজে আবেদন কৰিব পাৰিব বুলি সদৰী কৰিছে । বর্ধিত সময়সীমা অনুসৰি বসুন্ধৰা ৩.০ৰ অধীনত ১০ জানুৱাৰীৰ মাজনিশা ১১.৫৯ বজালৈ আবেদন দাখিল কৰিব পাৰিব । অৰ্থাৎ ১০ জানুৱাৰীৰ মাজনিশা ১২ বজাত এই আবেদন প'ৰ্টেল বন্ধ হৈ পৰিব ।

উল্লেখ্য যে বসুন্ধৰা ৩.০ৰ বাবে ১৫ অক্টোবৰত অধিসূচনা জাৰি কৰা হৈছিল । সেই অধিসূচনা অনুসৰি ২০২৪ বৰ্ষৰ ৩১ ডিচেম্বৰৰ মাজনিশা ১১.৫৯ বজাৰ ভিতৰত আবেদন দাখিল কৰাৰ বাবে সময়সীমা বান্ধি দিয়া হৈছিল । এতিয়া চৰকাৰে এই সময়সীমা পুনৰ ১০ দিনৰ বাবে বৃদ্ধি কৰিলে । লগতে বিষয়টো সন্দৰ্ভত প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে । আবেদনকাৰীসকলে যাতে কোনো বাধা নোহোৱাকৈ আবেদন দাখিল কৰিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈকো কোৱা হৈছে । এইখিনিতে প্ৰশ্ন হয় যে কিয় আবেদনৰ সময়সীমা বৃদ্ধি কৰিবলগীয়া হৈছে । পূৰ্বৰ বসুন্ধৰা ১.০ আৰু বসুন্ধৰা ২.০ৰ দৰে কিয় বসুন্ধৰা ৩.০ এ ৰাইজক আকৰ্ষিত কৰিব পৰা নাই ।

ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰবীণজ্যোতি কলিতা (ETV Bharat Assam)

বসুন্ধৰা ৩.০ত কিমান পৰিছে আবেদন :

বিজ্ঞাপনৰ ওপৰত বিজ্ঞাপন দিয়াৰ পাছতো বসুন্ধৰা ৩.০ত আবেদনৰ সংখ্যা বিশেষ বৃদ্ধি পোৱা নাই । খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিয়াৰ বাবে মুকলি কৰা বসুন্ধৰা ৩.০ৰ প্ৰতি আকৰ্ষিত হোৱা নাই সৰ্বসাধাৰণ জনতা । পূৰ্বৰ মিছন বসুন্ধৰা ১.০ আৰু মিছন বসুন্ধৰা ২.০ৰ প্ৰতি ৰাইজে যিদৰে সঁহাৰি জনাইছিল সেই সঁহাৰি বসুন্ধৰা ৩.০ত পৰিলক্ষিত হোৱা নাই । পূৰ্বৰ দুয়োটা মিছনৰ জৰিয়তে লাভ কৰা অভিজ্ঞতাৰে আৰম্ভ কৰা মিছন বসুন্ধৰা ৩.০ কাৰ্যতঃ ফ্লপ হোৱাৰ দিশে গতি কৰিছে । যাৰ বাবে আবেদনৰ সময়সীমা বৃদ্ধি কৰা হৈছে ।

BASUNDHARA 3.0
১০ জানুৱাৰীলৈ বৃদ্ধি কৰা হৈছে আবেদনৰ সময়সীমা (ETV Bharat Assam)

২০ অক্টোবৰৰ পৰা আৰম্ভ হোৱা মিছন বসুন্ধৰা ৩.০ৰ ৩১ ডিচেম্বৰত সমাপ্ত হয় যদিও সময়সীমা ১০ জানুৱাৰীলৈ বৃদ্ধি কৰা হৈছে । আজিৰ তাৰিখত মিছন বসুন্ধৰা ৩.০ত আবেদন পৰিছে ৩৫,১৪২ খন । এতিয়ালৈকে এখনো আবেদন নিষ্পত্তি হোৱা নাই । হিন্দু শৰণাৰ্থী, অনুসূচিত জাতি, জনজাতি, চাহ জনগোষ্ঠী, গোৰ্খা আদি লোকৰ মাটিৰ আবণ্টন বা অন্যান্য বিষয় নিষ্পত্তিৰ ক্ষেত্ৰত তিনিটা প্ৰজন্মই বাস কৰা প্ৰমাণসহ আবেদন জনোৱাৰ ক্ষেত্ৰত ৰাজহ বিভাগে শিথিল কৰি দিছিল যদিও আবেদনৰ সংখ্যা অতি সামান্য হৈ আছে ।

আনহাতে পূৰ্বৰ দুয়োটা মিছনত যিসকলৰ আৱেদন নাকচ হৈছিল তেওঁলোকৰো ভূমি সম্পর্কীয় আপত্তিসমূহ নিষ্পত্তিৰ বাবে পুনৰ আবেদন জনোৱাৰ সুযোগ দিয়া হৈছে । কিন্তু তাৰ পিছতো মিছন বসুন্ধৰা ৩.০ৰ প্ৰতি ৰাইজে দিয়া নাই সঁহাৰি । অৰ্থাৎ মিছন বসুন্ধৰা যি উদ্দেশ্যত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছিল সেই উদ্দেশ্য বিফল হোৱাৰহে সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

বসুন্ধৰাৰ প্ৰথম দুটা পৰ্যায়ত কিমান লোকে কৰিছিল আবেদন :

২০২১ চনৰ ২ অক্টোবৰত মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ৰ আৰম্ভ হৈছিল । মিছন বসুন্ধৰা ১.০ত আবেদন পৰিছিল ২৭,৩২,৩১১ খন আৰু ২৫,৯৯,৩২৪ খন আবেদন নিষ্পত্তি কৰা হৈছিল । সেইদৰে ২০২২ চনৰ ১৪ নৱেম্বৰত মিছন বসুন্ধৰা ২.০ আৰম্ভ হৈছিল । মিছন বসুন্ধৰা ২.০ত ১৪,৪৩,৩১০ খন আবেদন পৰিছিল আৰু ইয়াৰে ১২,৩০,১৫৯ খন নিষ্পত্তি কৰা হৈছিল । ভূমি সম্পৰ্কীয় বিবাদ নিষ্পত্তিৰ বাবে আগৰ দুয়োটা মিছনৰ তুলনাত ৩.০ত আজিৰ তাৰিখলৈ যথেষ্ট কম সংখ্যক লোকেহে সঁহাৰি জনাইছে । আগৰ দুয়োটা মিছনত যিসকলৰ আবেদন নিষ্পত্তি হোৱা নাছিল তেওঁলোককো মিছন বসুন্ধৰা ৩.০ত আবেদন জনোৱাৰ সুযোগ দিয়া হৈছে । যাৰ ফলত আজিৰ তাৰিখলৈ আগৰ আবেদন নিষ্পত্তি নোহোৱাসকলৰ মাজৰ পৰা আজিলৈকে ১,০৮,৪২৬ গৰাকীয়ে পুনৰ আবেদন জনাইছে ।

বহুক্ষেত্রত শিথিলতা দিয়াৰ পাছতো আবেদনৰ সংখ্যা কম :

বসুন্ধৰা ৩.০ত প্ৰিমিয়ামৰ পৰিমাণ যথেষ্ট হ্ৰাস কৰা হয় । প্ৰিমিয়ামৰ বোজা লাঘৱ কৰাৰ বাবে নগৰাঞ্চলৰ লোকসকলে মাটিৰ পট্টা পাবৰ বাবে অট্টালিকা থকাসকলে পূৰ্বৰ ১০০ শতাংশৰ বিপৰীতে প্ৰিমিয়াম ১০ শতাংশ কৰা হয় । আনহাতে অসম আৰ্হিৰ ঘৰ থকাসকলে পূৰ্বৰ নিৰ্ধাৰিত ৩০ শতাংশ প্ৰিমিয়ামৰ পৰিৱৰ্তে আঞ্চলিক মূল্যাংকন ৩ শতাংশ দিয়াৰ ব্যৱস্থা কৰা হয় । আনহাতে মিছন বসুন্ধৰা ৩.০ত আগৰ সেৱাসমূহৰ উপৰি নতুনকৈ ৮টা সেৱা সংযোজন কৰা হৈছে ।

মিছন বসুন্ধৰা ৩.০ৰ অধীনত ২০২১ৰ পূৰ্বে গ্ৰাম্য অঞ্চলত ৩ বছৰৰ অধিক আৰু চহৰ অঞ্চলত ১০ বছৰৰ অধিক চৰকাৰী ভূমিত শিক্ষানুষ্ঠান, ধর্মীয় প্ৰতিষ্ঠান আৰু আৰ্থ-সামাজিক প্রতিষ্ঠানে ব্যৱহাৰ কৰি আছে, তেনে প্রতিষ্ঠানক গ্ৰামাঞ্চলত প্ৰতি বিঘাত ৫০০ টকা আৰু চহৰাঞ্চলত ৫০ হাজাৰ টকাত চৰকাৰী ভূমি আবণ্টনৰ ব্যৱস্থা হৈছে অন্যতম সেৱা । যি সমূহ ভূমিদাতাই শিক্ষানুষ্ঠান বা অন্যান্য অনুষ্ঠানলৈ পূৰ্বতে ভূমিদান কৰিছিল সেইসমূহ ভূমিৰ সন্দৰ্ভত যোৱা ১২ বছৰৰ ভিতৰত কোনো ধৰণৰ আপত্তি কৰা নাই, সেই ভূমিদাতাৰ নাম ভূমি তথ্যৰ পৰা আঁতৰ হ'ব ।

ভূদান বা গ্রামদান মাটিত বসতি স্থাপন কৰি থকা লোকসকলকো ভূমি বন্দোবস্তিৰ ব্যৱস্থা কৰা, স্বমিত আঁচনিৰ অধীনত জৰীপ নোহোৱা অনাজৰীপ (এন চি) গাঁৱৰ ভূমি মাটিৰ বন্দোৱস্তি আৰম্ভ কৰা আদি মিছন বসুন্ধৰা ৩.০ৰ অন্যতম সেৱা । ৰাজহ বিভাগে অনলাইন পৰ্টেলৰ জৰিয়তে আবেদনৰ সুযোগ দিছে যদিও ৰাইজৰ সঁহাৰি পৰিলক্ষিত হোৱা নাই ।

বসুন্ধৰা ৩.০ৰ প্ৰতি কিয় আকৰ্ষন নাই ৰাইজৰ :

বসুন্ধৰা ৩.০ত আবেদনৰ সংখ্যা কম হোৱাৰ পৰিপ্ৰেক্ষিতত সময়সীমা ১০ জানুৱাৰীলৈ বৃদ্ধি কৰা হৈছে । কিন্তু কিয় আবেদনৰ সংখ্যা কম হৈছে ? বসুন্ধৰা ১.০ আৰু বসুন্ধৰা ২.০ৰ দৰে কিয় বসুন্ধৰা ৩.০ কিয় আশানুৰূপ হোৱা নাই ? এই সন্দৰ্ভত ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰবীণজ্যোতি কলিতাই কয়, "সময়সীমা বৃদ্ধি কৰিলেও আবেদনৰ সংখ্যা বৃদ্ধি নাপায় । কাৰণ পট্টা দিয়াৰ চৰকাৰৰ সমগ্ৰ বিষয়টো সম্পূৰ্ণ অস্পষ্ট । বসুন্ধৰা ৩.০ত শতাধিক ভুল-ভ্ৰান্তি আছে আৰু আসোঁৱাহপূৰ্ণ । পট্টা দিয়াৰ নামত চৰকাৰে খিলঞ্জীয়া ৰাইজৰ বাৰে বাৰে প্ৰৱঞ্চনা কৰি আহিছে । আনহাতে গুৱাহাটীৰ পট্টাহীন নাগৰিকক চৰকাৰখনে কেৱল ঠগ-প্ৰৱঞ্চনা কৰি আহিছে । জৰীপ কৰি পট্টা দিয়াৰ ব্যৱস্থা কৰা হোৱা নাই বহুলোকে আবেদন কৰিব পৰা নাই । একচনীয়া পট্টাদাৰক মাটিৰ পট্টা দিয়াৰ কথা কোৱা হৈছে যদিও দখল ভোগ কৰি থকাসকলে পট্টা পাব নে নাই সেই কথা স্পষ্ট কৰা নাই । আনহাতে চৰকাৰে ২০০১ চনৰ ২৮ জুনৰ আগৰ খাজনা দিয়াৰ ৰচিদ বিচাৰিছে । সেই ৰচিদ কিমান মানুহৰ হাতত আছে । এনেকুৱা বহু বিভ্ৰান্তি তথা খেলিমেলি আছে । যাৰবাবে বহু লোকে আবেদন কৰিব পৰা নাই আৰু বহুতে ইচ্ছাও প্ৰকাশ কৰা নাই । এটা কথা ঠিক যে বসুন্ধৰা ৩.০ত খিলঞ্জীয়া লোকে মাটিৰ পট্টা নাপায় । চৰকাৰখনৰ পট্টা দিয়াৰ নামত কেৱল পুনৰ ভেকোভাওনা কৰি আহিছে ।"

লগতে পঢ়ক: মিছন বসুন্ধৰা ৩.০ : ৰাইজলৈ কি আহ্বান ৰাজহমন্ত্ৰী কেশৱ মহন্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.