ETV Bharat / state

আজাৰাত আৰম্ভ হ'ল কৰ'ণা প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া

author img

By

Published : Jan 16, 2021, 4:02 PM IST

শনিবাৰৰ পৰা আৰম্ভ হ'ল কৰ'ণা প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া । আজাৰাতো শুভাৰম্ভ ভেকচিন প্ৰদান প্ৰক্ৰিয়া ।

আজাৰাত শুভাৰম্ভ কৰ'ণা প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া

দক্ষিণ কামৰূপ,১৬ জানুৱাৰী: শনিবাৰৰ পৰা সমগ্ৰ দেশৰ লগতে অসমৰ ৬৫ টা স্থানত আৰম্ভ হৈছে COVID-১৯ প্ৰতিষেধক তথা টীকাকৰণ অভিযান । পুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ হৈছে এই অভিযান । কামৰূপ জিলাৰ আজাৰা প্ৰাথমিক চিকিৎসা কেন্দ্ৰটো আৰম্ভ হ'ব COVID-১৯ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া । শনিবাৰে আজাৰা চিকিৎসা কেন্দ্ৰত মুঠ ১০০ জন চিকিৎসা কৰ্মীক প্ৰদান কৰা হ'ব প্ৰতিষেধক । ইয়াৰ বাবে চিকিৎসা কেন্দ্ৰটোৰ সকলো ব্যৱস্থাৰ বুজ লয় কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিকে ।

প্ৰতিষেধক প্ৰদানৰ বাবে প্ৰথমে লোকজনৰ পৰিচয় আদিৰ সোধপোছ কৰাৰ লগতে মোবাইল নম্বৰসহ পঞ্জীয়ন কৰাৰ পাচত এটা এচ এম এচ লাভ কৰিব আৰু তাৰপিছত লোকজনক প্ৰতিষেধক কক্ষলৈ যাবলৈ দি প্ৰতিষেধক প্ৰদান কৰা হ'ব । এই ভেকচিন দেহত দিয়াৰ পিছত লোকজনক আধাঘন্টা সময় নিৰীক্ষণ কক্ষত বহি থাকিবলৈ দিয়া হ'ব যদিহে এই সময়চোৱাত প্ৰতিষেধক লোৱা লোকজনৰ দেহত কোনো বিসংগতি দেখা যায় তেন্তে লোকজনৰ ততাতৈয়াকৈ যাৱতীয় ব্যৱস্থা গ্ৰহন কৰা হ'ব । আনহাতে প্ৰতিষেধক প্ৰদানৰ পিছত ২৮ দিনৰ অন্তত পুনৰ একেজন লোকৰ দেহত প্ৰদান কৰা হ'ব প্ৰতিষেধক । তাৰ পিছতহে ভেকচিনৰ সম্পূৰ্ণ প্ৰদান প্ৰক্ৰিয়া অন্ত পৰিব ।

লগতে পঢ়ক: যোৰহাটত আৰম্ভ হৈছে ক'ভিড টীকাকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.