ETV Bharat / state

ৰাজ্যত আগবঢ়া নাই সৌৰশক্তি প্ৰকল্পৰ নিৰ্মাণ প্ৰক্ৰিয়া - solar power projects in Assam

ৰাজহুৱা প্ৰতিষ্ঠানৰ সৈতে অসম চৰকাৰে যৌথ উদ্যোগ কোম্পানী গঠন কৰাৰ পাচতো ৰাজ্যত চালুকীয়া অৱস্থাতেই আছে সৌৰশক্তি প্ৰকল্প নিৰ্মাণৰ প্ৰক্ৰিয়া । ২০২৬ চনৰ ভিতৰত ৩০০০ মেগাৱাট সৌৰশক্তি উৎপাদনৰ লক্ষ্য অসম চৰকাৰৰ । বৰ্তমান ৰাজ্যখনত সৌৰশক্তি প্ৰকল্পৰ পৰা উৎপাদন হয় ২৫০ মেগাৱাট বিদ্যুতহে । দুবছৰৰ ভিতৰত তিনি হাজাৰ মেগাৱাট সৌৰশক্তি উৎপাদন কেনেকৈ সম্ভৱ ?

solar power projects in Assam
ৰাজ্যত আগবঢ়া নাই সৌৰশক্তি প্ৰকল্পৰ নিৰ্মাণ প্ৰক্ৰিয়া
author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 6:44 PM IST

গুৱাহাটী, ২১ ডিচেম্বৰ : বিদ্যুতৰ ক্ৰমবৰ্ধিত চাহিদা পূৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে সৌৰশক্তি প্ৰকল্পৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে যদিও আশানুৰূপ ফলাফল লাভ কৰা নাই । লক্ষণীয় বিষয় যে ৰাজহুৱা প্ৰতিষ্ঠানৰ সৈতে অসম চৰকাৰে যৌথ উদ্যোগ কোম্পানী গঠন কৰাৰ পাচতো ৰাজ্যত সৌৰশক্তি প্ৰকল্প নিৰ্মাণৰ প্ৰক্ৰিয়া চালুকীয়া অৱস্থাতেই আছে ।

solar power projects in Assam
ৰাজ্যত আগবঢ়া নাই সৌৰশক্তি প্ৰকল্পৰ নিৰ্মাণ প্ৰক্ৰিয়া

সৌৰশক্তি উৎপাদন কৰি ৰাজ্যবাসীৰ বিদ্যুতৰ চাহিদা পূৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা স্পষ্ট হৈ থকাৰ পাচতো দেশৰ বহু ৰাজ্যৰ তুলনাত অসমত সৌৰশক্তিৰ উৎপাদন অতি নগণ্য । কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি অসমত ১৩,৭৬০ মেগাৱাট সৌৰশক্তি উৎপাদনৰ সম্ভাৱনা আছে । অর্থাৎ ৰাজ্যবাসীৰ চাহিদাতকৈ বহু বেছি সৌৰশক্তি অসমত উৎপাদন হ’ব পাৰে বুলি ভাৰত চৰকাৰৰ শক্তি পৰিসংখ্যা প্ৰতিবেদনত প্ৰকাশ কৰা হৈছিল ।

কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰতিবেদনক আধাৰ হিচাপে লৈ ২০২৬ চনৰ ভিতৰত ৩০০০ মেগাৱাট সৌৰশক্তি উৎপাদনৰ লক্ষ্য অসম চৰকাৰে নিৰ্ধাৰণ কৰে । যাৰ বাবে ২০২৬ চনটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ বাবে হ’ব টাৰ্নিং পইণ্ট । কিয়নো ২০২৬ চনত অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ।

solar power projects in Assam
৩০০০ মেগাৱাট সৌৰশক্তি উৎপাদনৰ লক্ষ্য অসম চৰকাৰৰ

যদি বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি অনুসৰি অসম চৰকাৰে ৩০০০ মেগাৱাট সৌৰশক্তি উৎপাদন কৰিবলৈ সক্ষম হয় তেন্তে স্বাভাৱিকতে শাসক পক্ষৰ বাবে ইতিবাচক হ'ব । ইয়াক লৈ চৰকাৰে কৃতিত্ব দাবী কৰিব পাৰিব । কিন্তু বৰ্তমান সময়ত সেয়া সম্ভৱ হোৱাৰ সম্ভাৱনা কম ।

মাজত আছে দুটা বছৰ । এই দুটা বছৰত ৩০০০ মেগাৱাট সৌৰশক্তি অসমত উৎপাদন কৰিব পৰাটো সহজ নহয় । তথ্য অনুসৰি প্ৰকল্প লোৱা হৈছে যদিও সৌৰ বিদ্যুৎ উৎপাদনৰ স্থানেই এই পর্যন্ত এশ শতাংশ নিশ্চিত কৰি তুলিব পৰা নাই । বহু স্থানত জৰীপ চলিয়েই আছে । এই পৰ্যন্ত ৰাজ্যখনত ২৫০ মেগাৱাট বিদ্যুতহে সৌৰশক্তি প্ৰকল্পৰ পৰা উৎপাদন হয় ।

solar power projects in Assam
সৌৰশক্তি প্ৰকল্পৰ নিৰ্মাণ প্ৰক্ৰিয়া

গ্ৰিড-সংযুক্ত সৌৰশক্তি কেন্দ্ৰৰ পৰা ১৭৯ মেগাৱাট, গ্ৰিড-সংযুক্ত ছাদ সৌৰশক্তি কেন্দ্ৰৰ পৰা ৩১ মেগাৱাট আৰু অফ গ্ৰিড সৌৰ প্ৰকল্পৰ পৰা ৪০ মোগাৱাট বিদ্যুতকে ধৰি ৰাজ্যত উৎপাদিত সৌৰশক্তিৰ পৰিমাণ হ’ল ২৫০ মেগাৱাট । তেনেস্থলত আগন্তুক দুটা বছৰৰ ভিতৰত ৩০০০ মেগাৱাট সৌৰশক্তি উৎপাদন কৰাটো কেনেকৈ সম্ভৱ ।

যদি লক্ষ্য অনুযায়ী ৩০০০ মেগাৱাট সৌৰ বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হয় তেন্তে ২০২৬ চনতেই অসম বিদ্যুৎ উৎপাদনত স্বাৱলম্বী হ’ব । কিয়নো জলবিদ্যুতকে ধৰি আন উৎসৰ পৰাও অসমে কিছু পৰিমাণৰ বিদ্যুৎ উৎপাদন কৰি আহিছে । কিন্তু এই পর্যন্ত সৌৰ বিদ্যুৎ উৎপাদনৰ যি ধৰণৰ প্ৰক্ৰিয়া চলি আছে ৷ সেই প্ৰক্ৰিয়া ত্বৰান্বিত নহ’লে কোনো কাৰণতে ২০২৬ চনৰ ভিতৰত অসমত ৩,০০০ মেগাৱাট সৌৰ বিদ্যুৎ উৎপাদন সম্ভৱ হৈ নুঠিব । গুৰুত্বপূৰ্ণ যে কেন্দ্ৰীয় চৰকাৰে কাৰ্বন নিৰ্গত হোৱাটো হ্ৰাস কৰাৰ বাবে নৱীকৰণযোগ্য শক্তি আহৰণত সৰ্বাধিক গুৰুত্ব দিছে ।

solar power projects in Assam
সৌৰশক্তি প্ৰকল্পৰ নিৰ্মাণ

কেন্দ্ৰীয় চৰকাৰৰ এই লক্ষ্য অনুসৰি তাপবিদ্যুৎ প্ৰকল্পৰ পৰা বিদ্যুৎ আহৰণ প্ৰায় বন্ধ হৈ পৰিব । ইতিমধ্যে ২০৩০ চনৰ ভিতৰত দেশত প্ৰয়োজনীয় মুঠ বিদ্যুতৰ ৫০ শতাংশ বিদ্যুৎ নৱীকৰণযোগ্য শক্তিৰ পৰা আহৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যাপক প্ৰচেষ্টা চলাইছে । অসমত বৰ্তমান পর্যন্ত নৱীকৰণযোগ্য বিদ্যুৎআহৰণৰ মুঠ পৰিমাণ হ’ল ৩২৩ মেগাৱাট ।

এই ৩২৩ মেগাৱাট নৱীকৰণযোগ্য বিদ্যুতৰ ভিতৰত ২৫০ মেগাৱাট সৌৰ বিদ্যুৎ আৰু বাকীখিনি জলবিদ্যুৎ । গতিকে ‘মুখ্যমন্ত্ৰী সৌৰশক্তি প্ৰকল্প’ৰ অধীনত লক্ষ্য অনুযায়ী সৌৰ বিদ্যুৎ উৎপাদন হ’লে স্বাভাৱিকতে অসমত নৱীকৰণযোগ্য শক্তিৰ প্ৰভাৱ পৰিব ।

লগতে পঢ়ক : প্ৰসংগ : গ্ৰেনেড বিস্ফোৰণ; অসম আৰক্ষীক মিথ্যাচাৰী বুলিলে আলফা(স্বা)ই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.