ETV Bharat / state

Karnataka Poll results: কংগ্ৰেছৰ জয় যাত্ৰাক লৈ উৎফুল্লিত অসমৰ বিৰোধী শিবিৰৰ নেতা

author img

By

Published : May 13, 2023, 3:09 PM IST

কৰ্ণাটকত কংগ্ৰেছৰ অনিৰুদ্ধ যাত্ৰা দেখি আনন্দত উৎফুল্লিত হৈছে অসমৰ বিৰোধী শিবিৰি ৷ অসম প্ৰদেশ কংগ্ৰেছতো বাদেই আপ অসম, অসম তৃণমূল কংগ্ৰেছ আৰু বাওঁ দলেও বিজেপিৰ পৰাজয়ত আনন্দ প্ৰকাশ কৰিছে (Karnataka Poll results) ৷

Karnataka Poll results
Congress leads in Karnataka poll

গুৱাহাটী, 13 মে’: কৰ্ণাটক নিৰ্বাচনৰ ফলাফলত বৰ্তমানলৈকে কংগ্ৰেছে বৃহৎ‌ সাফল্য লাভ কৰাৰ বিপৰীতে আশাহত হৈছে বিজেপি ৷ দক্ষিণৰ ৰাজ্যখনৰ জনতাই বিজেপিক নস্যাৎ কৰা ঘটনাই দেশৰ ৰাজনীতিত এক পৰিৱৰ্তনৰ সংকেত কঢ়িয়াই অনাৰ সম্ভাৱনাই গা কৰি উঠিছে । কৰ্ণাটক নিৰ্বাচনৰ ফলাফলক লৈ দেশৰ প্ৰায় সকলো বিজেপি বিৰোধী ৰাজনৈতিক দলে আনন্দ প্ৰকাশ কৰিছে । অসমৰো কেবাটাও বিৰোধী ৰাজনৈতিক দলৰ নেতাই কৰ্ণাটক নিৰ্বাচনৰ ফলাফলকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । অসম তৃণমূল কংগ্ৰেছ, বাওঁপন্থী দল আৰু আম আদমী পাৰ্টী অসমৰ নেতাসকলে এয়া বিজেপিৰ বাবে অশনি সংকেত বুলি মন্তব্য কৰিছে (Karnataka Poll results) ।

এই সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ নেতা দিলীপ কুমাৰ শৰ্মাই কয় যে, কৰ্ণাটক নিৰ্বাচনৰ ফলাফলে দেখুৱাই দিছে যে বিৰোধী ঐক্যবদ্ধ হ'বলৈ ধৰিছে । ঐক্যবদ্ধ বিৰোধীক কৰ্ণাটকৰ ৰাইজে ভোট দিছে ।‌ ৰাইজে ঐক্যবদ্ধ বিৰোধীৰ আশা দেখিছে। বিজেপিয়ে বিৰোধী মুক্ত কৰিবলৈ যাওঁতে দক্ষিণ ভাৰত বিজেপি মুক্ত হ'বলৈ গৈ আছে । বিজেপিৰ দিন চুটি হৈ আহিছে । এই কথা কৰ্ণাটকৰ ফলাফলে দেখুৱায় (Congress leads in Karnataka poll)।

তেওঁ আৰু কয় যে, বিজেপিৰ বিৰুদ্ধে মানুহ ক্ষুব্ধ হৈছে, অতীষ্ঠ হৈছে । বিজেপিয়ে গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । মানুহে এতিয়া বুজি পাইছে । যাৰ 2024 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক্ ক্ষণত বিজেপিৰ বাবে অশনি সংকেত (Karnataka poll counting updates) ।

ইপিনে চিপি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ কৰ্ণাটক নিৰ্বাচনৰ ফলাফলত সম্পৰ্কত কয় যে, বিজেপিয়ে জনসাধাৰণৰ মতামত উপেক্ষা কৰিছে । বিজেপিয়ে তীব্ৰ সাম্প্ৰদায়িকতাৰে নিৰ্বাচন জয়ী হ'ব বুলি ভাবিছিল । হিজাৱৰ নিচিনা জঘন্য বিতৰ্ক সৃষ্টি কৰিও বিজেপি পৰাজিত হোৱাৰ দিশে গতি কৰিছে । আগন্তুক দিনত দেশৰ জনসাধাৰণে বিজেপিক বৃহৎ প্ৰত্যাহ্বান জনাব । নিৰ্বাচনত সামগ্ৰিকভাৱে বিৰোধী ঐক্য হোৱা নাছিল যদিও বিৰোধীয়ে বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল । কংগ্ৰেছ, জেডি (ইউ) ৰ মাজত বুজাবুজি হ’লে বিজেপিয়ে 50 ৰ তলত আসন পালেহেঁতেন । ইয়ে ঐক্যৰ প্ৰয়োজনীয়তা দেখুৱাইছে । 2024 চন‌ বিজেপিৰ বাবে সুখকৰ নহয় বুলি তেওঁ মন্তব্য কৰে (Karnataka voting updates)।

আনহাতে আপ অসমৰ ৰাজ্যিক মুখপাত্ৰ জিতুল ডেকা কৰ্ণাটক নিৰ্বাচনৰ ফলাফলক সম্মান জনায় কয় যে, বিজেপিৰ অপশাসনৰ উত্তৰ কৰ্ণাটকৰ ৰাইজে দিছে । বিজেপি সাম্প্ৰদায়িকতাৰে নিৰ্বাচন জয়ী হোৱাৰ সপোন দেখিছিল । এনেধৰণৰ চিনেমা পৰ্যন্ত নিৰ্মাণ কৰিছে । বিজেপিয়ে উন্নয়নৰ ৰাজনীতি নকৰে । মানুহে বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি গ্ৰহণ নকৰে । মানুহক উন্নয়ন লাগে । দেশত বিজেপি বিৰোধী ঢৌ আহিছে । 2024 বিজেপিৰ বাবে ভাল‌ নহ’ব । কৰ্ণাটক নিৰ্বাচনৰ ফলাফলে তাৰে সংকেত দিছে (Karnataka election news)।

লগতে পঢ়ক: Karnataka poll updates: কৰ্ণাটকৰ পৰাই কংগ্ৰেছৰ জয়যাত্রা আৰম্ভ হ'ব; দেৱব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.