ETV Bharat / state

Shraddhanjali Flyover : বহু প্ৰত্যাশিত শ্ৰদ্ধাঞ্জলি উৰণ সেতু উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মহা পঞ্চমীৰ পৱিত্ৰ দিনটোত 'শ্ৰদ্ধাঞ্জলি উৰণ সেতু' গুৱাহাটীবাসীৰ বাবে মুকলি হ’ল । সেতুখন উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ উৰণ সেতুখনৰ মুঠ দৈৰ্ঘ ২.২৮ কিলোমিটাৰ ।

author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 8:32 PM IST

Shraddhanjali Flyover
শ্ৰদ্ধাঞ্জলি উৰণ সেতু উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটী, ১৯ অক্টোবৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে মহা পঞ্চমীৰ পৱিত্ৰ দিনটোত 'শ্ৰদ্ধাঞ্জলি উৰণ সেতু' গুৱাহাটীবাসীৰ বাবে মুকলি কৰে । এই উপলক্ষে জু-ৰোড তিনিআলিৰ বৃন্দাবন গাৰ্ডেনত এক অনুষ্ঠান অনুষ্ঠিত হয় । উল্লেখ্য যে শ্ৰদ্ধাঞ্জলি উৰণ সেতুখন কমার্চ পইণ্টৰ পৰা সুন্দৰপুৰ তথা গীতানগৰৰ দিশে জু-ৰোড তিনিআলিৰ ওপৰেৰে গৈছে । উৰণ সেতুখনৰ মুঠ দৈৰ্ঘ ২.২৮ কিলোমিটাৰ ।

উৰণ সেতুখন আৰ জি বৰুৱা পথৰ দিশে ১.৯০ কিলোমিটাৰ আৰু মাদাৰ টেৰেছা পথৰ দিশে ৩৩০ মিটাৰ দৈৰ্ঘৰ । ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজি ২০২১-২২ৰ অধীনত ৩১৬ কোটি টকা‌ ব্যয়‌ কৰি এই উৰণ সেতুখন নিৰ্মাণ কৰা হৈছে । উৰণ সেতুখনৰ নিৰ্মাণ ১৯ মাহত সম্পূৰ্ণ কৰা হৈছে ।

সেতু উদ্বোধনী অনুষ্ঠানটোত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে উৰণ সেতুখনৰ নিৰ্মাণ ১৯ মাহত সম্পূৰ্ণ কৰা হৈছে । ‌এই সেতুখনে জু-ৰোড আৰু মাদাৰ টেৰেছা পথৰ যান-জঁট নিয়ন্ত্ৰণত যথেষ্ট সহায় কৰিব । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়- ‘‘গুৱাহাটী এখন অপৰিকল্পিতভাবে গঢ়া চহৰ । ১৯৭৫ চনতে যদি গুৱাহাটীত কলনীৰ ধৰণে ৰাস্তা-ঘাট আৰু নলা নিৰ্মাণ কৰিলেহেঁতেন তেতিয়া গুৱাহাটীৰ অৱস্থা আজিৰ দৰে নহ'লেহেঁতেন । যোৱা বিশ বছৰত গুৱাহাটীত এক লাখ ঘৰ নিৰ্মাণ কৰা হৈছে । কোনো মাষ্টাৰ প্লেন মতে এই ঘৰ হোৱা নাই । অসমত দুমাহত ১০ হাজাৰ গাড়ী বিক্ৰী হয় । বছৰত বিক্ৰী হয় ৬০ হাজাৰ গাড়ী । ইয়াৰে অধিকাংশ গুৱাহাটীত চলে । যাৰ বাবে গুৱাহাটীত যানজঁটৰ সৃষ্টি হয় । উৰণ সেতু নহ'লে গুৱাহাটীত ভয়ংকৰ অৱস্থা হ'ব ।’’

আনহাতে বৰ্তমানৰ ৰাজ্য চৰকাৰে এখন অপৰিকল্পিত মহানগৰীৰৰ পৰা গুৱাহাটীক এখন পৰিকল্পিত মহানগৰী হিচাবে গঢ়ি তোলাৰ কাম কৰি থকা হৈছে বুলিও মুখ্যমন্ত্ৰী ড৹ শৰ্মাই মন্তব্য কৰে । অনুষ্ঠানত মন্ত্ৰী অশোক সিংহল, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বিধায়ক অতুল বৰা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰনীয়া, আৰক্ষী সঞ্চালক জি পি সিং আদি উপস্থিত থাকে । অনুষ্ঠানত অসম পৰিবহন বিভাগৰ বিশেষ আয়ুক্ত সচিব চন্দন শৰ্মাই‌ আদৰণি‌ ভাষণ দিয়ে ।

লগতে পঢ়ক : Apex Bank Scam : এপেক্স বেংকৰ লগত চৰকাৰৰ কোনো সম্পৰ্ক নাই : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.