ETV Bharat / state

Child Marriage in Assam: উদ্বেগজনক ! বাল্য বিবাহত দেশৰ সকলো ৰাজ্যকে পিচ পেলালে অসমে

অসমত অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে বাল্য বিবাহৰ ঘটনা ৷ সমান্তৰালভাৱে বৃদ্ধি পাইছে কিশোৰী অৱস্থাতে মাতৃত্ব অৰ্জন কৰা ঘটনাও ৷ লক্ষণীয়ভাৱে, অসমত 9 বছৰীয়া শিশু গৰ্ভৱৰ্তী হোৱাৰ তথ্যও পোহৰৈ আহিছে ৷

author img

By

Published : Jan 24, 2023, 8:42 PM IST

Child Marriage in Assam
উদ্বেগজনক ! বাল্য বিবাহত দেশৰ সকলো ৰাজ্যকে পিচ পেলালে অসমে

গুৱাহাটী, 24 জানুৱাৰী: ৰাজ্যত সৰ্বভাৰতীয় পৰ্যায়তকৈ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে বাল্য বিবাহ আৰু কিশোৰী পৰ্যায়তে মাতৃত্ব অৰ্জন কৰা ঘটনা ৷ কিন্তু সৰ্বভাৰতীয় পৰ্যায়ত হ্ৰাস পাইছে এনে ঘটনা ৷ শেহতীয়াকৈ প্ৰকাশ পোৱা এন এম এইচ এছ-5ৰ(National Family and Health Survey) জৰীপত প্ৰকাশ পাইছে এই তথ্য ৷

এন এম এইচ এছ-4( 2015-2016) ৰ তথ্য মতে অসমত 18 বছৰৰ তলৰ বিবাহপাশত আৱদ্ধ হোৱা কিশোৰীৰ সংখ্যা আছিল 30.8 শতাংশ(Child marriage in Assam) । তাৰ বিপৰীতে এন এম এইচ এছ-4( 2015-2016) ৰ তথ্য মতে সৰ্বভাৰতীয় পৰ্যায়ত 18 বছৰৰ তলৰ বিবাহপাশত আৱদ্ধ হোৱা কিশোৰীৰ সংখ্যা আছিল 26.8 শতাংশ । কিন্তু শেহতীয়াকৈ প্ৰকাশ পোৱা এন এম এইচ এছ-5( 2019-2020) ৰ তথ্য মতে অসমত 18 বছৰৰ তলৰ বিবাহপাশত আৱদ্ধ হোৱা কিশোৰীৰ সংখ্যা 31.8 শতাংশ ।

ইয়াৰ বিপৰীতে এন এম এইচ এছ-5( 2019-2020) ৰ তথ্য মতে সৰ্বভাৰতীয় পৰ্যায়ত 18 বছৰৰ তলৰ বিবাহপাশত আৱদ্ধ হোৱা কিশোৰীৰ সংখ্যা আছিল 23.3 শতাংশ(Child marriage in India) । ইয়াৰ পৰা দেখা যায় যে অসমত 18 বছৰৰ তলৰ বিবাহপাশত আৱদ্ধ হোৱা কিশোৰীৰ সংখ্যা সৰ্বভাৰতীয় পৰ্যায়তকৈ যথেষ্ট বেছি । আকৌ 2015-2016 চনৰ পৰা 2019-2020 চনলৈ অসমত 18 বছৰৰ তলৰ বিবাহপাশত আৱদ্ধ হোৱা কিশোৰীৰ সংখ্যা অৰ্থাৎ বাল্য বিবাহৰ সংখ্যা বৃদ্ধি পাই আহিছে ।

আনহাতে, 2015-2016 চনৰ পৰা 2019-2020 চনলৈ সৰ্বভাৰতীয় পৰ্যায়ত 18 বছৰৰ তলৰ বিবাহপাশত আৱদ্ধ হোৱা কিশোৰীৰ সংখ্যা অৰ্থাৎ বাল্য বিবাহৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাই আহিছে । ইপিনে অসমত কিশোৰী অৱস্থাতে মাতৃত্ব অৰ্জন আৰু গৰ্ভৱতী হোৱা কিশোৰীৰ সংখ্যা বৃদ্ধি পাই আহিছে । কিন্তু সৰ্বভাৰতীয় পৰ্যায়ত ক্ৰমাৎ হ্ৰাস পাইছে । এন এম এইচ এছ-4( 2015-2016) ৰ তথ্য মতে অসমত কিশোৰী অৱস্থাতে মাতৃত্ব অৰ্জন আৰু গৰ্ভৱতী হোৱা কিশোৰীৰ সংখ্যা আছিল 13.6 শতাংশ(Child marriage rate in Assam) । তাৰ বিপৰীতে এন এম এইচ এছ-4( 2015-2016) ৰ তথ্য মতে সৰ্বভাৰতীয় পৰ্যায়ত কিশোৰী অৱস্থাতে মাতৃত্ব অৰ্জন আৰু গৰ্ভৱতী হোৱা কিশোৰীৰ সংখ্যা আছিল 7.9 শতাংশ ।

শেহতীয়াকৈ প্ৰকাশ পোৱা এন এম এইচ এছ-5( 2019-2020) ৰ তথ্য মতে অসমত কিশোৰী অৱস্থাতে মাতৃত্ব অৰ্জন আৰু গৰ্ভৱতী হোৱা কিশোৰীৰ সংখ্যা 11.7 শতাংশ । তাৰ বিপৰীতে এন এম এইচ এছ-5( 2019-2020) ৰ তথ্য মতে সৰ্বভাৰতীয় পৰ্যায়ত কিশোৰী অৱস্থাতে মাতৃত্ব অৰ্জন আৰু গৰ্ভৱতী হোৱা কিশোৰীৰ সংখ্যা আছিল 6.8 শতাংশ । ইয়াৰ পৰা দেখা যায় যে অসমত কিশোৰী অৱস্থাতে মাতৃত্ব অৰ্জন আৰু গৰ্ভৱতী হোৱা কিশোৰীৰ সংখ্যা সৰ্বভাৰতীয় পৰ্যায়তকৈ যথেষ্ট বেছি ।

আকৌ 2015-2016 চনৰ পৰা 2019-2020 চনলৈ অসমত কিশোৰী অৱস্থাতে মাতৃত্ব অৰ্জন আৰু গৰ্ভৱতী হোৱা কিশোৰীৰ সংখ্যা বৃদ্ধি পাই আহিছে । তাৰ বিপৰীতে 2015-2016 চনৰ পৰা 2019-2020 চনলৈ সৰ্বভাৰতীয় পৰ্যায়ত কিশোৰী অৱস্থাতে মাতৃত্ব অৰ্জন আৰু গৰ্ভৱতী হোৱা কিশোৰীৰ সংখ্যা অৰ্থাৎ বাল্য বিবাহৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাই আহিছে । এন এম এইচ এছ-5( 2019-2020) ৰ তথ্য মতে ৰাজ্যখনত 18 বছৰ বয়সৰ পূৰ্বেই বিবাহপাশত আবদ্ধ হোৱা মহিলাৰ সংখ্যা হ'ল 31.8 শতাংশ ।

এইক্ষেত্ৰত শীৰ্ষত আছে 50.8 শতাংশৰে ধুবুৰী জিলা । তাৰ পাচতেই দক্ষিণ শালমৰাত 44.7 শতাংশ, দৰং জিলাত 42.8 শতাংশ, নগাঁও জিলাত 42.6 শতাংশ, গোৱালপাৰাত 41.8 শতাংশ, বঙাইগাঁও জিলাত 41.7 শতাংশ, বৰপেটা জিলাত 40.1 শতাংশ, মৰিগাঁও জিলাত 39.1 শতাংশ, লখিমপুৰ জিলাত 36.3 শতাংশ, কোকৰাঝাৰ জিলাত 36.2 শতাংশ, হাইলাকান্দিত 32.9 শতাংশ, ওদালগুৰি জিলাত 32 শতাংশ ইত্যাদি ।

এন এম এইচ এছ-5( 2019-2020) ৰ আন এক তথ্য মতে অসমত 11.7 শতাংশ 15 ৰ পৰা 19 বছৰীয়া মহিলাই হয় ইতিমধ্যে মাতৃত্ব অর্জন কৰিছে অথবা এই জৰীপ চলাই থকা সময়ছোৱাত গৰ্ভধাৰণ কৰিছে । বৰপেটা জিলাত এনে মহিলাৰ সংখ্যা সৰ্বাধিক 28.30 শতাংশ । বৰপেটা জিলাৰ পাছতেই ধুবুৰী আৰু দঃ শালমৰা জিলাত 26.87 শতাংশ, গোৱালপাৰা জিলাত 23.39 শতাংশ, কোকৰাঝাৰ জিলাত 21.46 শতাংশ, বঙাইগাঁও জিলাত 21.04 শতাংশ, মৰিগাঁও জিলাত 20.06 শতাংশ, দৰং জিলাত 19.99 শতাংশ, চিৰাং জিলাত 18.93 শতাংশ হোজাই আৰু নগাঁও জিলাত 17329 শতাংশ কামৰূপ জিলাত 16.04 শতাংশ ইত্যাদি ।

আটাইতকৈ উদ্বেগজনক ঘটনা এই যে, ৰাজ্যখনত অলপতে এগৰাকী 9 বছৰীয়া শিশুও গৰ্ভৱতী হোৱাৰ তথ্য পোহৰলৈ আহিছে । বাল্য বিবাহৰ ফলত হোৱা অকাল মাতৃত্বৰ বাবেই ৰাজ্যখনত প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ হাৰ নিয়ন্ত্ৰণলৈ অহা নাই বুলি ৰাজ্য চৰকাৰে অনুভৱ কৰিছে আৰু ইয়াক প্ৰতিহত কৰাৰ বাবেই 2006 চনৰ বাল্য বিবাহ নিষিদ্ধ আইনৰ অধীনত সমগ্ৰ ৰাজ্যখনতেই এই অভিযান চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

সোমবাৰে জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে দেশৰ সংসদে 2006 চনতেই বাল্য বিবাহ নিষিদ্ধকৰণ আইন গ্ৰহণ কৰি ৰাজ্যসমূহক কার্যকৰী কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছিল(Operation against child marriage in Assam) । কিন্তু অজ্ঞাত কাৰণত ৰাজ্যখনত এই নিৰ্দেশৰ 17 বছৰ পাচতো আজিলৈকে কার্যকৰী হোৱা নাই । কেবিনেটে ৰাজ্যত এই আইন কার্যকৰী কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি সোমবাৰৰ পৰা ৰাজ্যত এই আইনৰ অধীনত ব্যাপক অভিযান চলোৱাৰ বাবে আৰক্ষীক নিৰ্দেশ দিছে । চৰকাৰৰ এই পদক্ষেপ কিমান ফলপ্ৰসূ হয় সেয়া সময়েহে ক'ব ।

লগতে পঢ়ক: Child marriage in Assam: ৰাজ্যত এইবাৰ বাল্য বিবাহৰ বিৰুদ্ধে চলিব অভিযান; ধৰা পৰিলেই জে’ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.