গুৱাহাটী,১৮ মাৰ্চ : চলিত বাজেট অধিৱেশনত কেবিনেট মন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰিছে ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়খন পূৰ্ণাংগ বাজেট (Assam Budget 2023)। এই বাজেটক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই এই বাজেটখনক ভূয়সী প্ৰশংসা কৰে । শুকুৰবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কার্যালয়ত সভাপতি ভৱেশ কলিতাই বাজেট সন্দর্ভত এক সংবাদমেল সম্বোধন কৰে ৷
সংবাদমেলত ভৱেশ কলিতাই কয় যে সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ মংগলৰ বাবে সকলো লোকক সামৰি এই বাজেট প্ৰস্তুত কৰা হৈছে ৷ বিগত দিনবোৰত চৰকাৰে কথা মতে কাম কৰিছে । শীর্ঘে ১ লাখ নিয়োগ প্ৰক্ৰিয়াও সম্পন্ন হ'ব বুলি তেওঁ উল্লেখ কৰে । লগতে সভাপতিগৰাকীয়ে কয় যে বাল্যবিবাহ বন্ধৰ বাবে বাজেটত ধন ধার্য্য কৰাৰ বাবে ৰাজ্যিক বিজেপিয়ে চৰকাৰক আদৰণি জনাইছে (BJP State president Bhabesh Kalita praises budget)।
অৰুণোদয় আঁচনিত ধন বৃদ্ধিও এক আদৰণীয় পদক্ষেপ ৷ ধর্মীয় অনুষ্ঠানক ১৫ লাখ টকা কৈ প্ৰদানৰ বাবে বাজেটত ধন ধার্য্য কৰাৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ভৱেশ কলিতাই ৷ লগতে বাজেটত নতুন পথ নির্মাণৰ বাবে পুঁজি ধাৰ্য কৰাটো চৰকাৰৰ যুগান্তকাৰী পদক্ষেপ আখ্যা দিয়ে ভৱেশ কলিতাই ৷
এইখন হিতাধিকাৰী সৃষ্টিৰ বাজেট বুলি বিৰোধীয়ে কৰা সমালোচনা প্ৰসংগত সভাপতিগৰাকীয়ে প্ৰশ্ন কৰে যে এই বাজেটৰ দ্বাৰা যদি অসমৰ দুখীয়া ৰাইজৰ সহায় হয় তেওঁলোকৰ আপত্তি ক'ত ? এইখন উন্নয়নৰ বাজেট ৷ বাজেটখনক তৃণমূল পর্যায়লৈ লৈ যোৱা হ'ব বুলিও সভাপতিগৰাকীয়ে উল্লেখ কৰে । কিয়নো প্ৰতিগৰাকী নাগৰিকে এই বাজেটখনৰ বিষয়ে জানিব লাগিব ।
মুঠতে এই বাজেটখন সর্বকালৰ সর্বশ্ৰেষ্ঠ, জনদৰদী বাজেট আখ্যা দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে । শেহতীয়াকৈ ছেবাৰ প্ৰশ্নকাকত ফাদিল সন্দর্ভতো সভাপতি ভৱেশ কলিতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে প্ৰশ্নকাকত ফাদিল কৰা কার্য গৰিহণাৰ যোগ্য (Bhabesh Kalita reacts on HSLC paper leak)৷
ইফালে সভাপতি ভৱেশ কলিতাই কয় যে অহা ৬ এপ্ৰিলত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠা দিৱস ২ দিনীয়াকৈ অনুষ্ঠিত কৰা হ'ব (BJP foundation day 2023)। সেয়েহে প্ৰতিগৰাকী বিজেপি কর্মীক ঘৰে ঘৰে পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে সভাপতি ভৱেশ কলিতাই ৷
লগতে পঢ়ক :2023-24 state budget: 2023-24 বৰ্ষৰ ৰাজ্যিক বাজেটক নিৰ্বাচন কেন্দ্ৰীক বাজেট আখ্যা বিৰোধীৰ