ETV Bharat / state

ফাট মেলিল বিজেপি আৰু বিপিএফৰ মিত্ৰতাত !

author img

By

Published : Nov 20, 2020, 11:33 AM IST

Updated : Nov 20, 2020, 1:30 PM IST

ইতিমধ্যে বি পি এফৰে মিত্ৰতা ছেদ কৰাৰ প্ৰস্তাৱ লৈ বৃহস্পতিবাৰে নিশা দিল্লীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাস আৰু মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ হয়টো আজিয়েই যিকোনো মুহূৰ্ততে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই আনুষ্ঠানিকভাৱে ঘোষণা কৰিব বি পি এফৰ সৈতে মিত্ৰতা ভংগৰ সিদ্ধান্ত ৷

bjp-bpf-allience-to-be-end-soon
ফাট মেলিল বিজেপি আৰু বিপিএফৰ মিত্ৰতাত !

গুৱাহাটী, 20 নৱেম্বৰ: অৱশেষত পাচ বছৰীয়া বন্ধুত্ব সমাপ্তিৰ পথত ৷ বি পি এফ আৰু বিজেপিৰ মাজত থকা মিত্ৰতা ভংগ হোৱা বুলি যিকোনো মুহূৰ্ততে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই ৷ ইতিমধ্যে বি পি এফৰে মিত্ৰতা ছেদ কৰাৰ প্ৰস্তাৱ লৈ বৃহস্পতিবাৰে নিশা দিল্লীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাস আৰু মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি নেতা কেইগৰাকীয়ে বি পি এফৰ সৈতে মিত্ৰতা ভংগ কৰাৰ প্ৰস্তাৱ দাঙি ধৰিব ৷

bjp-bpf-allience-to-be-end-soon
ফাট মেলিল বিজেপি আৰু বিপিএফৰ মিত্ৰতাত !

উল্লেখ্য যে, বিগত বিধানসভা নিৰ্বাচনৰ আগে আগে কংগ্ৰেছৰ সংগ ত্যাগ কৰি বিজেপিৰে মিত্ৰতা পাশত আৱদ্ধ হৈছিল হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ ৷ দিছপুৰত গঠন কৰিছিল মিত্ৰজোটৰ চৰকাৰ ৷ আজিৰ তাৰিখতো বি পি এফৰ ফালৰ পৰা তিনিজনকৈ মন্ত্ৰী অধিষ্ঠিত হৈ আছে সোণোৱালৰ মন্ত্ৰীসভাত । কিন্তু ইতিমধ্যে বি পি এফ-বিজেপিৰ সম্পৰ্কৰ মাজত যে ফাট মেলিছে সেই কথাৰ উমান বড়োভূমিৰ শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ দিনাই পোৱা গৈছিল ৷ অনিচ্ছা স্বত্বেও হাগ্ৰামা মহিলাৰীয়ে সেই চুক্তিৰ প্ৰতি সমৰ্থন জনাব লগীয়া হৈছিল ৷ আনহাতে, বি টি আৰৰ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ দিনাৰে পৰাই দুয়ো দলৰ আচৰণে প্ৰমাণ কৰি দিছিল যে মিত্ৰতাৰ অৱসান ঘটাতো অৱধাৰিত । অৱশেষত সেয়াই বাস্তৱ হোৱাৰ পথত । হয়টো আজিয়েই যিকোনো মুহূৰ্ততে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই আনুষ্ঠানিকভাৱে ঘোষণা কৰিব বি পি এফৰ সৈতে মিত্ৰতা ভংগৰ সিদ্ধান্ত ৷

লগতে পঢ়কঃ টীয়কৰ জাঁজীমুখত ঐতিহাসিক কীৰ্তিচিহ্ন উদ্ধাৰ

Last Updated : Nov 20, 2020, 1:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.