ETV Bharat / state

Assam Floods: বানৰ বিভীষিকাৰ সময়ত মুখ্যমন্ত্ৰী দিল্লীত থকাক লৈ সমালোচনা

author img

By

Published : May 17, 2022, 10:43 PM IST

ৰাজ্যত বানৰ বিভীষিকাৰ সময়ত দিল্লীত বাহৰ পাতি থকাক লৈ সমালোচনাৰ পাত্ৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma in Delhi) ৷ অসমবাসীৰ এনে বিপদৰ সময়ত বিজেপি চৰকাৰ নিষ্ক্ৰিয় হৈ থকাত আশ্বর্য প্ৰকাশ কৰিছে আম আদমি পার্টীয়ে ।

CM Himanta Biswa Sarma in Delhi
বানৰ বিভীষিকাৰ সময়ত মুখ্যমন্ত্ৰী দিল্লীত থকাক লৈ সমালোচনা

গুৱাহাটী, 17 মে’: ৰাজ্যৰ বান পৰিস্থিতিৰ জটিল সময়ত অসমৰ বাহিৰত গৈ দিল্লীত বাহৰ পাতি থকাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে আম আদমি পাৰ্টীৰ ৰাজ্যিক কমিটীয়ে (CM Himanta Biswa Sarma in Delhi)। বিপদৰ সময়ত মুখ্যমন্ত্ৰীয়ে জনতাৰ সংগ কিয় নিদিয়ে বুলি আম আদমি পাৰ্টী, অসমৰ ৰাজ্যিক সমম্বয়ক ভৱেন চৌধুৰীয়ে প্ৰশ্ন কৰে (State Coordinator of AAP Assam)।

ভৱেন চৌধুৰীয়ে লগতে কয় যে, সমগ্ৰ অসমতে ধাৰাবাহিকভাৱে কেইবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণে(Heavy rainfall in Assam) পাহাৰীয়া জিলাকেইখনকে ধৰি উজনি অসম আৰু বৰাক উপত্যকাত সৃষ্টি কৰা বান আৰু ভূমিস্খলনে সংহাৰ ৰূপ ধাৰণ কৰাৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীত বাহৰ পাতি আছে । পাহাৰীয়া ডিমা হাচাও জিলাত যোৱা দুদিনমান ধৰি সংঘটিত হোৱা ভূমিস্খলনে জিলাখনৰ জনজীৱন স্তব্ধ কৰি দিছে । একেদৰে উজনি অসমৰ কেইবাখনো জিলাত বৃদ্ধি পোৱা বাঢ়নি পানীয়ে ভাবুকিৰ সৃষ্টি কৰিছে (Flood situation in Assam) ।

বিশ্বনাথ চাৰিআলি জিলাৰ গহপুৰত ৰাষ্ট্ৰীয় ঘাই পথৰ এচোৱা খহনীয়াৰ বাবে যাতায়াত বিপদজনক হৈ পৰিছে । এনে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ৰাজ্য চৰকাৰে যুদ্ধকালীন তৎপৰতাৰে জনজীৱন স্বাভাৱিক কৰিবলৈ চেষ্টা কৰিব লাগিছিল । কিন্তু ক্ষতিগ্ৰস্ত এলেকাত প্ৰশাসনৰ অস্তিত্বৰ উমান পাবলৈ নাই বুলি তেওঁ মন্তব্য কৰে । অসমবাসীৰ এনে বিপদৰ সময়ত বিজেপি চৰকাৰ নিষ্ক্ৰীয় হৈ থকাত আশ্বর্য প্ৰকাশ কৰিছে আম আদমি পার্টীয়ে । মুখ্যমন্ত্ৰী শৰ্মাৰ দিল্লীত এনে কি জৰুৰী কাম ওলাল যে অসমবাসীৰ এনে বিপদৰ সময়ত তেওঁ দিল্লীত বাহৰ পাতি থাকিবলগীয়া হৈছে বুলি আম আদমি পাৰ্টী, অসমৰ ৰাজ্যিক সমম্বয়ক ভৱেন চৌধুৰীয়ে প্ৰশ্ন কৰে ৷

লগতে পঢ়ক: ৰাজ্যত বানৰ সংহাৰ: গোৰেশ্বৰত বানে উটুৱাই নিলে দলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.